ক’ৰ’না ভাইৰাছৰ ভয়ত চিকিৎসালয়ৰ আছুতীয়া কক্ষত আত্মহত্যা এজন লোকৰ

suicide-750x375

প্ৰতিনিধিত্বমূলক ফটো

দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা। এই পৰ্যন্ত ৭ হাজাৰৰো অধিক লোক ইয়াৰ কৱলত পৰিছে। ইয়াৰ মাজতে তামিলনাডুৰ পৰা আহিছে এটা চাঞ্চল্যকৰ খবৰ।

জানিব পৰা মতে আৰিয়ালুত এজন লোকে ক’ৰ’নাৰ সন্দেহত আত্মহত্যা কৰিছে। এই লোকজনক ক’ৰ’নাৰ সন্দেহত আৰিয়ালুৰ চৰকাৰী চিকিৎসালৰ আছুতীয়া কক্ষত ভৰ্তি কৰাইছিল। তাতেই লোকজনে আত্মহত্যা কৰে।

৬০ বছৰীয়া লোকজন অলপতে কেৰালাৰ পৰা আহিছিল। আৰু উভতি অহাৰ পিছৰে পৰা লোকজনৰ জ্বৰ আৰু কাঁহৰ লক্ষণ দেখা দিয়াত ৬ এপ্ৰিলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আছুতীয়া কক্ষত ৰখা এই লোকজনৰ ক’ৰ’নাৰ পৰীক্ষাৰ বাবে যোৱা ৭ এপ্ৰিলত নমুনা সংগ্ৰহ কৰিছিল।

পৰীক্ষাৰ ৰিপ’ৰ্টৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল যদিও মানসিক অশান্তিত ভুগি লোকজনে চিকিৎসালয়ৰ আছুতীয়া কক্ষতেই আত্মহত্যা কৰে।

ইফালে স্বাস্থ্য বিভাগৰ জিলা অধিকাৰীয়ে লোকজনৰ ৰিপ’ৰ্ট নিগেটিভ অহা বুলি জনায়।

অৱশ্যে আৰক্ষীয়ে এই আত্মহত্যাৰ আঁৰত আন কিবা ৰহস্য থাকিব পাৰে নেকি সেয়া তদন্ত কৰি আছে।