NORTHEAST NOW (Assamese)

ATM ত বৃদ্ধক সহায় কৰাৰ চলেৰে ৪০ হাজাৰ টকা লৈ উধাও প্ৰৱঞ্চক

May 15, 2023 6:00 pm · এন ই নাও নিউজ, নতুন দিল্লী
Updated: May 15, 2023 5:27 pm

যোৰহাটত সংঘটিত হৈছে ধন সৰলুকিৰ এক অপৰাধ। এজন প্ৰৱঞ্চক যুৱকে এগৰাকী বৃদ্ধ লোকৰ চকুত ধূলি দি তেখেতৰ এটিম কৰ্ডৰ পৰা ৪০ হাজাৰ টকা সৰকাই নিয়ে।

ঘটনা অনুসৰি যোৰহাটৰ এটা এটিএম ৰ পৰা এগৰাকী বয়সীয়াল লোকে টকা উলিয়াবৰ বাবে আহিছিল। তেনেতে এটিএমটোলৈ যোৱা আন এজন যুৱকে ব্যক্তিগৰাকীক ধন উলিয়াই দিয়াত সহায় কৰাৰ চলেৰে চতুৰভাবে  এটিএম কাৰ্ডখন সলনি কৰি লৈ যায়।

লগতে পঢ়কঃ সুৰংগ খান্দি শিলচৰৰ কাৰাগাৰৰ পৰা পলাল দুই হত্যাকাৰী : জেইল বিষয়াক নিলম্বন

ইয়াৰ পিছতেই অন্য এটা এটিএমৰ পৰা যুৱকজনে লোকজনৰ একাউণ্টৰ পৰা ৪০ হাজাৰ টকা উলিয়াই নিয়ে।

তেওঁৰ একাউণ্টৰ পৰা টকা উলিয়াই নিয়া বুলি গম পোৱাৰ পিছতে ভুক্তভোগী ব্যক্তিজনে টীয়ক থানাত এটা গোচৰ ৰুজু কৰে আৰু আৰক্ষীৰ তদন্তত চিচি টিভি কেমেৰাত যুৱকজনৰ কাণ্ড ধৰা পৰে।

ভুক্তভোগী লোকজন হৈছে যোৰহাটৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ধৰ্মেশ্বৰ শৰ্মা।

আৰক্ষীয়ে জনোৱা মতে, দোষীক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে অভিযান আৰম্ভ কৰিছে।

লগতে পঢ়কঃ আন এক ‘বন্দনা কাণ্ড’ : অত্যাচাৰী স্বামীক দুটুকুৰাকৈ কাটি বস্তাত ভৰাই পেলাই ‎দিলে পত্নীয়ে

Related News