দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা; নিৰ্বাচনৰ ফল চাবলৈ আগ্ৰহেৰে অপেক্ষা দেশবাসীৰ

Election commission declares date for Delhi election

arvind_kejriwal

ফাইল ফটো

সমগ্ৰ দেশবাসীয়ে চাবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰি থকা দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।

ঘোষণা অনুসৰি ৭০খন আসনযুক্ত কেন্দ্ৰ-শাসিত অঞ্চলটোৰ নিৰ্বাচন অহা ৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব আৰু ১১ ফেব্ৰুৱাৰিত ভোট গণনা কৰা হ’ব।

প্ৰাৰ্থীসকলে ১৪ জানুৱাৰিৰ পৰা ২১ জানুৱাৰিৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব আৰু প্ৰত্যাহাৰ কৰিব পাৰিব ২৪ জানুৱাৰিৰ ভিতৰত। তাৰ মাজতে ২২ জানুৱাৰিত হ’ব মনোনয়ন পত্ৰ পৰীক্ষা।

দিল্লীৰ বৰ্তমানৰ চৰকাৰখনৰ কাৰ্য্যকাল ২২ ফেব্ৰুৱাৰিত অন্ত পৰিব আৰু তাৰ পূৰ্বেই নিৰ্বাচিত নতুন চৰকাৰখনে দায়িত্ব ল’ব।

তথ্যমতে, দিল্লীত আছে মুঠ ১.৪৬ কোটি ভোটাৰ। ৭০টা সমষ্টিৰ ভিতৰত ৫৮টা সাধাৰণ বৰ্গ আৰু ১২টা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত।

বৰ্তমান সুশাসনেৰে গোটেই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা কেজৰিৱালৰ দল আম আদমি পাৰ্টি বা চমুকৈ “আপ” পুনৰ শাসনলৈ আহে নে নাহে সেয়াই হ’ল নিৰ্বাচনৰ জৰিয়তে দেশবাসীয়ে জানিব খোজা উত্তৰ।

২০১৫ চনৰ বিধানসভাৰ নিৰ্বাচনত ৭০খন আসনৰ ৬৭খন আসনেই দখল কৰি চমকপ্ৰদ সাফল্য দেখুৱাইছিল।

মুখ্য মন্ত্ৰী কেজৰিৱালে দিল্লীবাসীৰ বাবে মৌলিক প্ৰয়োজনীয় সা-সুবিধাবোৰৰ ক্ষেত্ৰত দৃষ্টান্তমূলক উন্নয়ন কৰি দেখুৱাইছে। বিশেষভাৱে শিক্ষা আৰু স্বাস্থ্য খণ্ডত কৰা উন্নতিয়ে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।