ভোটাৰ কাৰ্ডৰ একেটা নম্বৰ লৈ বিতৰ্ক জ্বলি উঠিছে। একাধিক ভোটাৰৰ নাম একেটা ভোটাৰ কাৰ্ডৰ নম্বৰৰ সৈতে জড়িত হোৱা তথ্য পোহৰলৈ অহাৰ পাছতে তৃণমূল কংগ্ৰেছে আন ৰাজ্যৰ পৰা অহা ভুৱা ভোটাৰৰ কথাও উত্থাপন কৰিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ ওচৰতো এই বিষয়ত অভিযো দাখিল কৰা হৈছে।
এনে বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে—নিৰ্বাচনী তালিকাৰ তথ্য আৰু ভোটাৰ ৰেকৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোজিত কৰিবলৈ বিষয়াসকলক আদেশ দিয়া হৈছে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ এই সম্পৰ্কীয় গাইডলাইন প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে।
নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, আধাৰ নম্বৰক নিৰ্বাচনী তালিকাৰ তথ্যৰ সৈতে যুক্ত কৰাত বিষয়াসকলে অগ্ৰাধিকাৰ দিব লাগিব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে “ভোটাৰৰ সঠিক পৰিচয় নিশ্চিত কৰিবলৈ আধাৰ আৰু মোবাইল নম্বৰ সংযোজনৰ বাবে সম্পূৰ্ণ চেষ্টা কৰিব লাগিব।”
ইয়াৰোপৰি, জন্ম আৰু মৃত্যুৰ পঞ্জীয়নৰ ভিত্তিত নিৰ্বাচনী তালিকা নিয়মীয়াকৈ আপডেট কৰিবলৈ আয়োগে নিৰ্দেশ দিছে। লগতে ঘৰে ঘৰে গৈ ভোটাৰ পৰীক্ষণ চলোৱাৰ বাবেও বিষয়াসকলক নিৰ্দেশনা দিয়া হৈছে। বিশেষকৈ ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ প্ৰতিজন নাগৰিকক ভোটাৰ তালিকাভুক্ত কৰাটো নিশ্চিত কৰিবলৈ বুথস্তৰীয়া কৰ্মচাৰীসকলক সক্ৰিয় হ’বলৈ কোৱা হৈছে।
উল্লেখযোগ্য যে, ইয়াৰ আগতে নিৰ্বাচনী তালিকাত আধাৰ নম্বৰ সংযোজন বাধ্যতামূলক নাছিল। কিন্তু কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদত স্পষ্ট কৰিছে যে নিৰ্বাচনী পঞ্জীয়ন (সংশোধনী) আইন, ২০২১ৰ ধাৰা ২৬(খ) মতে, যিকোনো ভোটাৰে ইচ্ছা কৰিলে তেওঁলোকৰ আধাৰ নম্বৰ নিৰ্বাচনী তথ্য সৈতে যুক্ত কৰিব পাৰে। এই সংস্কাৰে ভুৱা ভোটাৰৰ সমস্যা সমাধানৰ বাট মোকলাব বুলি আশা কৰা হৈছে।