• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিৰ্বাচন আয়োগ বিজেপিৰ পুতলা’

মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 24, 2019 5:33 pm
24-04-19 Guwahati- Ripun Borah press conference (4) Election commission of India puppet of BJP, says APCC president Ripun Bora

ৰিপুণ বৰাৰ বুধবাৰৰ সংবাদমেল। ছবি-- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ আটাইকেইটা সমষ্টিতে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত বুধবাৰে এক সংবাদমেলযোগে দেশৰ নিৰ্বাচন আয়োগক শাসক দল বিজেপিৰ “পুতলা” বুলি গুৰুতৰ অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীৰ অভিযোগ, বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগৰ পাছতো আয়োগে এই সন্দৰ্ভত গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা।

‘প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ আগদিনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ মালিকানাধীন ‘নিউজ লাইভ’ চেনেলত সাক্ষাৎকাৰ দি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে। আমি নিৰ্বাচনত আয়োগক লিখিত অভিযোগ দিছো। কালি যদিও অসমত নিৰ্বাচন শেষ হৈছে তথাপিটো ভাৰতৰ বাকী ৰাজ্যত নিৰ্বাচন হ’বলগীয়া আছে, কিন্তু তেনেক্ষেত্ৰত কালিও উক্ত চেনেলটোত তেওঁ যি সাক্ষাৎকাৰ দিছে সেইটোৱে ভোটাৰক প্ৰভাৱান্বিত কৰিব পাৰে। আমি লিখিত অভিযোগ দিয়াৰ পাছতো নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে নিৰ্বাচন আয়োগ প্ৰকৃততে বিজেপি চৰকাৰৰ এটা পুতলাহে।’, গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত ৰিপুণ বৰাৰ মন্তব্য।

একেখন সংবাদমেলতে বৰাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কলকাতাত এখন সংবাদমেলত প্ৰথমতে নাগৰিকত্ব বিধেয়ক আহিব আৰু তাৰ পাছতহে এন আৰ চি আহিব বুলি কৰা মন্তব্যৰ গৰিহণা দিয়ে। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত চলি থকা বিষয় এটাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কৰা মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে আদালতক অৱমাননাৰ বাবে নিজাববীয়া গোচৰ ৰুজু কৰাৰ বাবেও তেওঁ দাবী জনায়।

ইপিনে, অসমত আটাইকেইটা পৰ্য্যায়তে ব্যাপক হাৰত হোৱা ভোটদানত সন্তোষ প্ৰকাশ কৰি বৰাই কয়, ‘পৰিবৰ্তন বিচাৰিলেই ব্যাপক হাৰত ভোটত ৰাইজে ভোট দিয়ে। কালি ৰাইজে ব্যাপক হাৰত ভোট দিছে। ৰাইজৰ যি উৎসাহ দেখিছো ইয়াৰ পৰা এই স্পষ্ট হয় যে ৰাইজে শাসনাধিষ্ঠ বিজেপিৰ পৰা পৰিবৰ্তন বিচাৰিছে’।

লোকসভাত অসমত কংগ্ৰেছে ৮ৰ পৰা ১০ খন আসন পাব বুলি দাবী কৰি দলটোৰ নিজৰ তথা বিভিন্ন সমীক্ষাৰ ওপৰত ভিত্তি কৰি এই কথা কোৱা বুলি ৰিপুণ বৰাই কয়।

যথেষ্ঠ প্ৰত্যাহ্বান থকাৰ পাছতো কংগ্রেছে তীব্ৰ যুঁজ দিয়া বুলি মন্তব্য কৰি বিজেপিক নিৰ্বাচনত জোলোকে-জোলোকে পানী খুৱাই দিলে বুলিও বৰাই উল্লেখ কৰে।

অসমৰ অধিকাংশ বুদ্ধিজীৱীয়ে খুব ভাল সিদ্ধান্ত লৈছে আৰু তেওঁলোকৰ ভূমিকা যথেষ্ট যোগাত্মক বুলিও বৰাই কয়। তেওঁ লগতে কয় যে এইবাৰ কংগ্ৰেছৰ পক্ষত মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। বহুতে বিবেক ভোট আৰু নীৰৱ ভোট প্ৰদান কৰিছে।

দুই এক মিডিয়াৰ বাদে সংবাদ মাধ্যমৰ ভূমিকা নিৰপেক্ষ আৰু ধনাত্মক বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে।

আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি বৰাই কয়, ‘নৰেন্দ্ৰ মোদী হতাশ হৈছে। মোদীয়ে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে। ২০১৪ আৰু ২০১৬ চনত মোদীৰ যি ‘বডি লেংগুৱেজ’ আছিল, সেয়া এইবাৰ নিষ্ক্ৰিয়। তেওঁৰ মুখ আৰু চকুত আগৰ উজ্জ্বলতা নাই। ভিতৰি ভিতৰি তেওঁলোকে বুজি পাইছে যে তেওঁৰ পৰাজয় নিশ্চিত’।

অসমত হিমন্ত বিশ্ব শৰ্মাই উদ্ভট নৃত্য কৰি কৃত্ৰিম প্ৰচাৰ চলোৱা আৰু দুঃশ্চিন্তা ঢাকিবলৈ তেওঁ এইবিলাক কৰিছে বুলিও ৰিপুণ বৰাই মন্তব্য কৰে।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd