NORTHEAST NOW (Assamese)

তামুলপুৰ বিধান সভা সমষ্টিত নিৰ্বাচনৰ বাবে প্ৰিজাইডিং পলিং বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ

March 10, 2021 3:43 pm · দীপক কুমাৰ পাঠক

৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিত নিৰ্বাচনৰ বাবে প্ৰিজাইডিং পলিং বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ।
তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি প্ৰথমটো প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

তামুলপুৰ মহকুমাৰ ৩০৭ ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে এই প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হয়।

উল্লেখ্য তিনিটা পৰ্য্যায়ত অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ।

আজি পুৱাৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হয়।

অতি সুকলমে চলিছে  এই প্ৰশিক্ষণ কাৰ্যসূচী। প্ৰশিক্ষণ তদাৰক কৰাৰ বাবে আৰু বুজ লোৱাৰ বাবে তামুলপুৰ উপস্থিত হৈছে বাক্সা জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ৰঞ্জন শৰ্মা।

তামুলপুৰ মহকুমাৰ মহকুমাধিপতি তথা সহকাৰী নিৰ্বাচনী বিষয়া ডাঃ বেদাংগ তালুকদাৰৰ তত্বাৱধানত চলিছে নিৰ্বাচনী প্ৰশিক্ষণ।

নিৰ্বাচন নিয়াৰিকৈ চলোৱাৰ বাবে ৩০৭ টা ভোট গ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ১৪ জন জ’নেল বিষয়া আৰু ৩২ গৰাকী চেক্টৰ বিষয়া নিযুক্ত কৰা বুলি জনাইছে সহকাৰী নিৰ্বাচনী বিষয়া ডাঃ বেদাংগ তালুকদাৰে।

Related News