NORTHEAST NOW (Assamese)

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বোকাখাত জিলা নিৰ্বাচনী বিভাগৰ সজাগতা সভা

January 9, 2021 5:27 pm · উত্তম শইকীয়া

আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত  বোকাখাত জিলা নিৰ্বাচনী বিভাগৰ  উদ্যোগত আজি বোকাখাত মহকুমাৰ ডিফলু পথাৰ ৰজা গাঁৱত ক্ষেত্র পৰ্য্যায়ত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়।

এই সজাগতা সভাত স্থানীয় ৰাইজক ভোটদানৰ নীতি আৰু ই.ভি.এম-ভি.ভি পেড সম্পৰ্কত সবিস্তাৰে বৰ্ণনা কৰাৰ লগতে ভোটাৰ  তালিকাত নিজৰ নামৰ কিদৰে অন্তৰ্ভুক্তি কৰিব পাৰি  আৰু  ভোটাৰ তালিকাত নাম শুধৰনি কেনেদৰে কৰিব পাৰি সেই বিষয়ে বিষদভাৱে বুজাই দিয়া হয়।

সজাগতা সভাত উপস্থিত থাকি বোকাখাতৰ নিৰ্বাচনী বিষয়া নীতিশা বৰাই সকলো ভোটাৰ ৰাইজক সজাগ আৰু সচেতন  হোৱাৰ লগতে কোনো প্ৰলোভনৰ বশৱৰ্তী নোহোৱাকৈ বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।

ইয়াৰ লগতে ভোটাৰ তালিকাত যিকোনো ধৰণৰ বিসংগতি থাকিলে নিৰ্বাচনী বিভাগৰ লগত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

Related News