জাঁজীত ‘লুমিনাছে’ আগবঢ়ালে চৰকাৰী বিদ্যালয়লৈ বৈদ্যুতিক পাংখা

IMG-20181001-WA0015

ফটো : নৰ্থ-ইষ্ট নাও

দেশৰ আগশাৰীৰ বৈদ্যুতিক কোম্পানী ‘লুমিনাছ’ ৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নতুন দিল্লীৰ সামাজিক সংস্থা ‘শুধ’ৰ উদ্যোগত সোমবাৰে শিৱসাগৰ জিলাৰ জাঁজী মৰাণছিগা এম ই স্কুলত অনুষ্ঠিত এক অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় ৬০ খন চৰকাৰী বিদ্যালয়লৈ ২৬০ খন বৈদ্যুতিক পাংখা যোগান ধৰা হয়।

এই উপলক্ষে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হৰেন কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত  হোৱা আৰু বিদ্যালয়ৰ সহ:শিক্ষক দিগন্ত গগৈয়ে আঁত ধৰা ৰাজহুৱা সভাত সামাজিক সংস্থা ‘শুধ’ৰ মুখ্য কাৰ্যবাহী ৰাজীৱ আৰ পাণ্ডে, বহুজাতিক কোম্পানীৰ বিষয়া লিটুল বৰুৱা, সান্যা গাৰ্গ, শিক্ষাবিদ ৰেখা গগৈ আৰু শিক্ষাবিদ হৰেণ বৰুৱা উপস্থিত থাকে।

উল্লেখযোগ্য যে জাঁজী মৰাণছিগাৰ প্ৰয়াত চন্দ্ৰ বৰুৱাৰ পুত্ৰ তথা এটা আগশাৰীৰ বহুজাতিক প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়া লিটুল বৰুৱাৰ সহযোগিতাত আৰু  সামাজিক সংস্থা ‘শুধ’ৰ উদ্যোগত জাঁজীৰ ৬০ খন  চৰকাৰী প্ৰাথমিক, মজলীয়া, মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়লৈ মুঠ ২৬০ খন ‘লুমিনাছ’ কোম্পানীৰ ষ্টেণ্ড ফেন আৰু ছিলিং ফেন বিনামূলীয়াকৈ যোগান ধৰা হয়।

‘শুধ’ৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰাজীৱ আৰ পাণ্ডেই সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি লুমিনাছ কোম্পানীয়ে সামাজিক দায়বদ্ধতাৰ অধীনত ‘শুধ’ৰ সহযোগত ইতিমধ্যে অসমৰ নলবাৰী জিলাৰ বহু চৰকাৰী বিদ্যালয়ত বৈদ্যুতিক পাংখা বিতৰণ কৰিছে। আৰু শিৱসাগৰ জিলাত এই কাম আৰম্ভ হৈছে।

উল্লেখযোগ্য যে, লুমিনাছে অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাত সহায়ক হোৱাৰ বাবেই এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। লুমিনাছ আৰু সামাজিক সংস্থা ‘শুধ’ৰ  এনে সমাজকল্যানমূলক কাৰ্যৰ ভূয়সী প্ৰশংসা কৰিছে জাঁজীৰ শিক্ষানুৰাগী সমাজে।