NORTHEAST NOW (Assamese)

নিৰ্বাচনী বিধি উলংঘা কৰি কলিয়াবৰত বৈদ্যুতিক মিটাৰ বিতৰণ

November 22, 2018 2:44 pm · ৰিদিপ শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছত কলিয়াবৰত চৰকাৰী সাহায্য প্ৰদানত ব্যস্ত ৰাজনৈতিক দল। আজি কলিয়াবৰৰ জখলাবন্ধা গাঁও পঞ্চায়তৰ গৰুবন্ধা গাঁৱত বৈদ্যুতিক মিটাৰ বিতৰণক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

শক্তি বিভাগৰ কোনো ধৰণৰ লিখিত নিৰ্দ্দেশনা নথকাকৈ হিতাধিকাৰীৰ তালিকা অবিহনে নিজ ইচ্ছা মতে ঠিকাদাৰে চৰকাৰী সাহায্যযুক্ত বৈদ্যুতিক মিটাৰ সংযোগ কৰিবলৈ অহাত একাংশ সচেতন লোকৰ লগতে বিজেপি যুৱ মৰ্চাৰ সদস্যই বৈদ্যুতিক মিটাৰ বিতৰণ কাৰ্য্যক বাধা প্ৰদান কৰাত গৰুবন্ধা গাঁৱত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

স্থানীয় ৰাইজ তথা বিজেপি যুৱ-মৰ্চাৰ অভিযোগ অনুসৰি দলীয় প্ৰাৰ্থীৰ প্ৰতি ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে কোনো ৰাজনৈতিক দলৰ নেতাই নিৰ্বাচনী বিধি উলংঘা কৰি এই ধৰণৰ নিকৃষ্ট ৰাজনীতি কৰিছে। পৰৱৰ্তী সময়ত ৰাইজৰ বাধাত বৈদ্যুতিক মিটাৰ সংযোগ কৰাৰ পৰা বিৰত হয় ঠিকাদাৰ।

ফটো : নৰ্থ-ইষ্ট নাও

ইফালে নিৰ্বাচনী বিধি উলংঘা কৰাৰ বাবে প্ৰশাসনক ইয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিজেপি যুৱ-মৰ্চাৰ সদস্যই।

উল্লেখ্য যে অনাগত দিনত এনেধৰণৰ নিৰ্বাচনী বিধি উলংঘা কৰাত প্ৰশাসনে কি ব্যৱস্থা হাতত লয় সেয়া লক্ষণীয় হ’ব।

ইফালে বছৰ-বছৰ ধৰি চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত দুখীয়া ৰাইজক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহূৰ্ত্তত চৰকাৰী সাহায্য প্ৰদানত ব্যস্ত থকা কোনো ৰাজনৈতিক দলৰ এনে কাৰ্যক স্থানীয় লোকে ধিক্কাৰ প্ৰদান কৰে।

Related News