NORTHEAST NOW (Assamese)

পলাশবাৰীত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ: বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত মৃত্যুৰ সন্দেহ

December 23, 2022 10:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 23, 2022 10:24 pm

ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে বিগত সময়চোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভাৱনীয় হাৰত উদ্ধাৰ হৈছে বন্যহস্তীৰ মৃতদেহ।

আজি কামৰূপ জিলাৰ পলাশবাৰীত পুনৰ উদ্ধাৰ হৈছে এক বনৰীয়া হাতীৰ মৃতদেহ।

আজি পুৱাৰ ভাগত পলাশবাৰীৰ সোণটোলা অঞ্চলৰ স্থানীয় লোকে হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

স্থানীয় বাসিন্দাসকলে লগে লগে বন বিভাগক খবৰ দিয়াৰ পাছত বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

হাতীটোৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলতে হাতীটোৰ মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে।

ইফালে বন বিভাগৰ বিভাগীয় কাৰ্যকলাপৰ পাছতে স্থানীয় লোকে পৰম্পৰাগত আচাৰ-অনুষ্ঠানৰ জৰিয়তে হাতীটোৰ শেষকৃত্য সম্পূৰ্ণ কৰে।

Related News