বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

Image_1610890641781(1)

বনাঞ্চলত মানুহৰ অনাধিকাৰ প্ৰৱেশ আৰু বনাঞ্চলত মানুহে চলোৱা ধ্বংস যজ্ঞৰ ফলত ৰাজ্যত হাতী মানুহৰ সংঘাত ক্ৰমে বৃদ্ধি পাইছে৷

কাৰ্বি আংলং জিলাৰ বনাঞ্চলত হোৱা এনে কাৰ্যৰ বাবে পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে এতিয়া পাহাৰৰ নামনিৰ চাহ বাগিচাবোৰতেই আশ্ৰয় লব লগা হৈছে৷

এই চাহ বাগিচাবোৰেই এতিয়া অঘৰী হাতীৰ জাকবোৰৰ যেন অন্তিম আশ্ৰয়৷ এনেদৰে অনাই বনাই ঘূৰি ফুৰা হাতীৰ জাকবোৰে সন্মুখীন হ’ব লগা হয় মানুহৰ৷ বৃদ্ধি পায় সংঘাত৷

এনে পটভুমিতে দেওবাৰে বোকাখাতৰ ডিফলু চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয়৷

খৰি আনিবলৈ যোৱা ডিফলু চাহ বাগিচাৰ দেবেন তাঁতী নামৰ শ্ৰমিকজনক বনৰীয়া হাতীয়ে আক্ৰমণ কৰি আহত কৰে৷

গুৰুতৰভাৱে আহত দেবেন তাঁতীক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।