NORTHEAST NOW (Assamese)

দল হৰিণৰ পিয়লৰ বাবে ২৮ নৱেম্বৰত কাজিৰঙাত বন্ধ থাকিব এলিফেণ্ট ছাফাৰী

November 22, 2018 9:49 am · এন ই নাও নিউজ
Updated: November 22, 2018 9:54 am

অহা ২৮ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হ’ব লগীয়া বিশ্বৰ অতি বিৰল প্ৰজাতি হিচাপে চিহ্নিত পূৰ্বাঞ্চলীয় দল হৰিণৰ পিয়লৰ উদ্দেশ্যে উক্ত দিনটোত উদ্যানত এলিফেণ্ট ছাফাৰী বন্ধ থাকিব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি উক্ত দিনা উদ্যানখনৰ সকলো বনাঞ্চলত বন বিভাগৰ লগতে কাজিৰঙাত এলিফেণ্ট ছাফাৰীত ব্যৱহাৰ কৰা হাতীৰ পিঠিত উঠি অভিজ্ঞ বনকৰ্মী আৰু প্ৰকৃতি প্ৰেমীয়ে দল হৰিণৰ পিয়ল কৰিব।

যাৰ ফলত সেই দিনটোত বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অধীনৰ মিহিমুখ আৰু বাগৰিত এলিফেণ্ট ছাফাৰী বন্ধ ৰখা হ’ব বুলি শৰ্মাই জানিবলৈ দিয়ে। অৱশ্যে উক্ত দিনা উদ্যাখনত জীপ ছাফাৰী পূৰ্বৰ দৰে অব্যাহত থাকিব।

উদ্যান কৰ্তৃপক্ষই জনোৱা মতে ২৭ নবেম্বৰৰ দিনা পিয়লকাৰীসকলৰ প্ৰশিক্ষণৰ পিছত ২৮ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ ২৪ টা কম্পাৰ্টমেন্টত হোৱা পিয়লত সংগৃহীত সমগ্ৰ তথ্য ২৯ নবেম্বৰত বিশ্লেষণ কৰি কাজিৰঙাৰ পূৰ্বঞ্চলীয় দল হৰিণৰ সমীক্ষা প্ৰকাশ কৰা হ’ব।

উল্লেখযোগ্য যে ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈ যোৱা অন্তিম পিয়লত মুঠ ১১৪৮ টা দল হৰিণ পেৱা গৈছিল৷ ইয়াৰে ২৮৪ টা মতা, ৬০৪ জনী মাইকী, ১৭৬ টা পোৱালী আৰু ৮৪ টা এবছৰৰ তলৰ পোৱালী। আনহাতে ২০১৭ চনত দল হৰিণৰ পিয়ল নোহোৱাৰ উপৰিও বানপানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনক প্লাৱিত কৰিছিল ৷ যাৰ বাবে এই বাৰৰ দল হৰিণৰ পিয়ল অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷

Related News