মধ্য প্ৰদেশত বাছ-SUV গাড়ীৰ মুখামুখী সংঘৰ্ষত নিহত কমেও ১১ জন

Eleven people killed after bus collides with SUV মধ্য প্ৰদেশৰ বেতুল জিলাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন বাছ আৰু এখন SUV গাড়ীৰ মাজত সংঘৰ্ষত কমেও ১১ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আন এজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে।

বাতৰি অনুসৰি, মধ্য প্ৰদেশৰ বেতুল জিলাৰ ঝালহাৰ আৰক্ষী থানাৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। আজি পুৱাৰ ভাগত এখন সৰু গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱায় আৰু বিপৰীত দিশৰ পৰা অহা এখন বাছত খুন্দা মাৰে। ঘটনাস্থলীতে এঘাৰজন লোকৰ মৃত্যু হৈছে। এজন লোক আঘাতপ্ৰাপ্ত হয়। তেওঁক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়ক: পুৱতি নিশা ৰংজুলিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছত স্থানীয় ঝালাহাৰ আৰক্ষী থানাৰ আৰক্ষী কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয়। লগে লগে আৰম্ভ হয় উদ্ধাৰ অভিযান।

দুৰ্ঘটনাটোত নিহতসকলৰ পৰিচয় উদ্ধাৰ কৰাৰ চেষ্টা চলি আছে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে দুয়োখন গাড়ী অতি দ্ৰুত গতিত আছিল বুলি ধাৰণা কৰা হৈছে আৰু সেইকাৰণে দুৰ্ঘটনাটো ঘটিব পাৰে বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱাটোও দুৰ্ঘটনাটোৰ কাৰণ হ’ব পাৰে। এই সকলোবোৰ তদন্তৰ পিছত ক’ব পৰা যাব।

লগতে পঢ়ক: ৰাছিয়াৰ নৌবহৰত ড্ৰোন আক্ৰমণ; ব্ৰিটিছ ৰাষ্ট্ৰদূতক মাতি আনি সতৰ্ক কৰি দিলে ৰাছিয়াই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জানিবলৈ দিছে যে মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। সেইদৰে আহতৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।