মাস্কৰ নতুন টুইষ্ট! পুনৰবাৰ টুইটাৰ ক্ৰয়ৰ মন মেলিছে এলন মাস্কে

Elon Musk Twitter deal

বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি এলন মাস্কৰ টুইটাৰ ক্ৰয়ৰ চুক্তি বাতিল হোৱাৰ পিছত শেহতীয়াকৈ আন এক টুইষ্ট আহি পৰিছে। টুইটাৰৰ মালিকীস্বত্ব ক্ৰয়ৰ বাবে ৪৪ বিলিয়ন ডলাৰৰ চুক্তিৰ পৰা আঁতৰি অহাৰ পিছত এইবাৰ পুনৰ টুইটাৰ ক্ৰয়ৰ ইচ্ছা প্ৰকাশ কৰিছে ধনকুবেৰ মাস্কে।

প্ৰকাশিত খবৰ অনুসৰি টুইটাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি এলন মাস্কে যোৱা এপ্ৰিলত আগবঢ়োৱা মূল্য পৰিশোধ কৰিবলৈ সন্মত হৈছে।

উল্লেখ্য যে, প্ৰথম চুক্তি বাতিল হোৱাৰ পিছত টুইটাৰে মাস্কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তাৰ পিছতে কেইবামাহ ধৰি চলি থকা আলোচনা আৰু আদালতৰ শুনানিৰ পিছত মাস্কে অৱশেষত টুইটাৰ ক্ৰয় কৰিবলৈ সন্মত হৈছে।

শেহতীয়া তথ্য মতে মাস্কে প্ৰতিটো শ্বেয়াৰত ৫৪.২০ ডলাৰত টুইটাৰ ক্ৰয় কৰিবলৈ আগবাঢ়িছে। অৱশ্যে টুইটাৰে এইপৰ্যন্ত মাস্কৰ নতুন প্ৰস্তাৱ গ্ৰহণ কৰা নাই।

উল্লেখ্য যে যোৱা মে’ মাহত মাস্কে টুইটাৰত ভুৱা আৰু স্পাম একাউণ্টৰ সংখ্যাৰ তথ্যৰ বাবে অপেক্ষা কৰিবলগীয়া হোৱাৰ বাবে টুইটাৰ ক্ৰয়ৰ চুক্তি অস্থায়ীভাৱে স্থগিত আছে বুলি উল্লেখ কৰিছিল মাস্কে।

টুইটাৰে তেওঁলোকৰ ব্যৱহাৰকাৰীৰ ভিতৰত ৫ শতাংশতকৈও কম স্পাম আৰু বট একাউণ্ট আছে বুলি কৰি অহা দাবীৰ সমৰ্থনত মাস্কে উপযুক্ত প্ৰমাণ বিচাৰিছিল।

এই প্ৰমাণ দিবলৈ টুইটাৰ অসমৰ্থ হোৱাৰ বাবেই মাস্কে টুইটাৰ ক্ৰয় কৰাৰ বাবে তেওঁৰ ৪৪ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ বাতিল কৰিছিল।