ইলন মাস্কৰ কোম্পানী ‘এক্স কৰ্প’এ মোদী চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ত। সংস্থাটোৱে কেন্দ্ৰৰ তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯(৩)(খ)ৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰি ৰুজু কৰিছে এই গোচৰ। এই আইন বৈধ নহয় বুলি দাবী কৰিছে এক্স কৰ্পে। তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯(৩)(খ)ৰ অধীনত প্ৰৱৰ্তন কৰা চেন্সৰশ্বিপ ব্যৱস্থাৰ বাবে তেওঁলোকৰ কন্টেন্ট ব্লক কৰা হৈছে অভিযোগ উত্থাপন কৰি কয় যে ইয়াৰ বাবেই প্লেটফৰ্মৰ কাম-কাজত প্ৰভাৱ পৰিছে।
প্ৰকাশিত তথ্য অনুসৰি এই অভিযোগৰ বিষয়ে চৰকাৰক অৱগত কৰা হৈছে আৰু পদ্ধতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে। আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে আইন মানি চলিব লাগিব বুলি উল্লেখ কৰিছে।
শেহতীয়াকৈ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এক্সৰ চাটবট গ্ৰ’কক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইতিমধ্যে চাটবটে ব্যৱহাৰ কৰা ভাষাক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। দাবী কৰা হৈছে যে গ্ৰ’কে সঘনাই অশ্লীল ভাষা ব্যৱহাৰ কৰে। কেন্দ্ৰই জানিব বিচাৰিছে যে কিয় এনেদৰে এআই বটটো সৃষ্টি কৰা হ’ল।
উল্লেখযোগ্য যে ধাৰা ৭৯(৩)(খ) অনুসৰি চৰকাৰে যিকোনো পৰিস্থিতিত ইণ্টাৰনেটৰ যিকোনো বিষয়বস্তু ব্লক কৰিব পাৰে। আৰু আইনখনৰ এই নীতিৰ বিৰুদ্ধে এক্সে আপত্তি দৰ্শাইছে। তেওঁলোকে দাবী জনাইছে যে যদি কোনো কন্টেন্ট আঁতৰোৱাৰ কাৰণ দিব লাগিব আৰু চূড়ান্ত সিদ্ধান্তৰ বাবে জাননিৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰোপৰি এক্সে দাবী কৰিছে যে যদি চৰকাৰে কোনো বিষয়বস্তু আঁতৰাই পেলায় বা ব্লক কৰে তেন্তে সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ আইনী অধিকাৰো থাকিব লাগে।
এনে পৰিস্থিতিত এক্সে কেন্দ্ৰৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে নিজৰ স্থিতিত অটল থাকি ইণ্টাৰনেটৰ পৰা ‘আপত্তিজনক’ বিষয়বস্তু আঁতৰোৱাৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াক আইন মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে চৰকাৰে।