মাজুলীত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰশাসনৰ জৰুৰী পদক্ষেপ
মাজুলীত ক’ৰ’ণা ভাইৰাছ-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মাজুলী জিলা প্ৰশাসনে।
এই মহামাৰীৰ পৰা মাজুলীবাসীক সুৰক্ষিত কৰাৰ জৰুৰী সতৰ্কতামূলক কাৰ্য ব্যৱস্থাৰ অংশ হিচাপে প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত আজিৰে পৰা একাধিক নিষেধাজ্ঞা আৰোপ কৰিছে।
সমগ্ৰ মাজুলী জিলাতে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে জাৰি কৰা এই সম্পৰ্কীয় এক আদেশ অনুসৰি নদীদ্বীপ জিলাখনত ৰাজহুৱা স্থানত দুজনকৈ অধিক লোকৰ সমাবেশ নিষিদ্ধ ঘোষণা কৰা হৈছে।
জিলাখনৰ যিকোনো অংশৰ বজাৰ, ৰাজহুৱা স্থান, বিত্তীয় প্ৰতিষ্ঠান আদিত একেলগে ৩ গৰাকী বা ততোধিক লোকৰ সমাবেশ সম্পূৰ্ণ বাৰণ কৰিছে প্ৰশাসনে।
তদুপৰি জিলাখনত কোনো ধৰণৰ সভা, অনুষ্ঠান, সমাবেশ, সমদল আদি জন সমাগম ঘটিব পৰা কাৰ্যসূচীৰ আয়োজনতো সম্পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।
আনহাতে, মাজুলীত আজিৰে পৰা ফাৰ্মাচী, খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, ৰন্ধন-গেছৰ বিতৰক এজেন্সী আৰু পেট্ৰ’ল ডিপোসমূহৰ বাদে আন সকলো দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ ৰখাৰো নিৰ্দেশ দিছে জিলা দণ্ডাধীশগৰাকীয়ে।
অৱশ্যে ফাৰ্মাচী, খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, ৰন্ধন-গেছৰ বিতৰক এজেন্সী আৰু পেট্ৰ’ল ডিপোসমূহত গ্ৰাহকৰ বাবে হাত ধোৱাৰ যথোপযুক্ত ব্যৱস্থা ৰখাটো আদেশটোত জিলা প্ৰশাসনে বাধ্যতামূলক কৰিছে।
একেদৰে, জিলাখনত আজিৰে পৰি মাছ-মাংসৰ দোকান, দৈনিক বজাৰ তথা সাপ্তাহিক বজাৰ আদিও সম্পূৰ্ণ বন্ধ ৰাখিবলৈ প্ৰশাসনৰ ফালৰ নিৰ্দেশ দিয়া হৈছে। জিলা দণ্ডাধীশ কৈৰীয়ে একেটা আদেশৰ জৰিয়তে মাজুলীৰ সকলো ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানতো জন সমাগমৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা বলৱৎ কৰিছে।
ইফালে, মাজুলীৰ বেংকসমূহৰ ক্ষেত্ৰতো ততালিকে প্ৰযোজ্য হোৱাকৈ জিলা দণ্ডাধীশ গৰাকীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেইমতে, বেংকত গ্ৰাহকে ধন উলিওৱা আৰু জমা কৰাৰ বাদে আন আনুষংগিক বেংকিং সেৱা বন্ধ কৰাৰ লগতে বেংকৰ ভিতৰত দুগৰাকী ব্যক্তিৰ মাজত ন্যূনতম ১ মিটাৰৰ ব্যৱধান থকাটো সুনিশ্চিত কৰিবলৈ বেংক কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।
তদুপৰি, এটিএমসমূহতো বেংকৰ ফালৰ পৰা হেল্পডেক্স বহুৱাৰ লগতে হাত ধোৱাৰ উপযুক্ত ব্যৱস্থা ৰখাটো বাধ্যতামূলক হ’ব। মাজুলীৰ জিলা দণ্ডাধীশে জনস্বাৰ্থৰ খাতিৰত জাৰি কৰা এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সমগ্ৰ জিলাখনতে বলৱৎ থাকিব।