চৰ্ত ভংগ! শিলাদিত্যক লৈ অস্বস্তিত অসম সাহিত্য সভা

Paramananda_Siladitya

বিতৰ্কিত মন্তব্য কৰি সততে চৰ্চাত থকা বিধায়ক শিলাদিত্য দেবক সংযত হ’বলৈ পূৰ্বে কেইবাবাৰো আহ্বান জনাইছিল মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিয়ে। কিন্তু ফল একো নধৰিল। বহুবল্কী শিলাদিত্যই বিভিন্ন বিষয়ত বিতৰ্ক সৃষ্টিকাৰী মন্তব্য প্ৰদান কৰিয়েই থাকিল।

স্বয়ং মুখ্য মন্ত্ৰীয়ে য’ত নোৱাৰিলে শিলাদিত্যৰ মুখত লেকাম লগাবলৈ পৰমানন্দ ৰাজবংশীনো কোন?

তথাপিতো চেষ্টা কৰিছিল অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। কিন্তু থমকি ৰ’ব লগীয়া হ’ল তেৱোঁ। কাৰণ শিলাদিত্য দেবে নামানিলে তেওঁৰ আহ্বান।

আজি ৰাজবংশীয়ে সাংবাদিকৰ আগত কয়, “শিলাদিত্য দেবে আলোচনাৰ প্ৰাথমিক চৰ্ত ভংগ কৰিছে। আমি আলোচনামৰ্মে বৰ্তমান সময়ত সৃষ্টি হোৱা পৰিস্থিতি শাম কটাবলৈ বিতৰ্কিত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিলো। কিন্তু তেওঁ সেই কথাত গুৰুত্ব নিদিলে। গতিকে তেওঁ আমি যি মিশ্যন আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিলো তাত থকাৰ প্ৰশ্নই উঠিব নালাগে।”

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজবংশীয়ে লগতে অধিকাংশ বাঙালী সম্প্ৰদায়ৰ লোকেই শিলাদিত্য দেবৰ লগত নাই বুলিও মন্তব্য কৰে। তেওঁ কয় যে ৰাজনীতিৰ পৰা দূৰৈত থাকি অধিকাংশ বাঙালী সম্প্ৰদায়ৰ লোকেই অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লগত মিলি যাব বিচাৰে।

উল্লেখযোগ্য যে, যোৱা ২৫ অক্টোবৰত অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কাৰ্যালয় ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত সাহিত্য সভাই কেইবাটাও বাঙালী সংগঠনৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিল। বৈঠকত বাঙালী সংগঠনকেইটাই অনুষ্ঠিত কৰিব বিচৰা ১৭ নৱেম্বৰৰ প্ৰস্তাৱিত সমাৱেশক লৈ ৰাজ্যত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰলৈ আনিবলৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেইদিনাই অসম সাহিত্য সভাই সংগঠনকেইটাক কোনো ধৰণৰ বিতৰ্কিত মন্তব্য আগলৈ নকৰিবলৈও আহ্বান জনাইছিল।

কিন্তু এই বৈঠকৰ পিছদিনাই অৰ্থাৎ ২৬ অক্টোবৰত দিচপুৰ প্ৰে’ছ ক্লাবত সংবাদমেল পাতি বিধায়ক শিলাদিত্য দেবে কৃষক নেতা অখিল গগৈ আৰু আলোচনাপন্থী আলফা নেতাসকলক উদ্দেশ্যি কৰে বহু তিৰ্যক মন্তব্য। ইয়াৰ উপৰি আজিও ধুবুৰীত অখিল গগৈৰ বিৰুদ্ধে সাংবাদিকৰ আগত মন্তব্য কৰে বিধায়কজনে। ফলত এক প্ৰকাৰৰ অস্বস্তিত পৰিছে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। আজি সংবাদ মাধ্যমত দিয়া বক্তব্যতো পৰমানন্দ ৰাজবংশীৰ কণ্ঠত অস্বস্তি আৰু হতাশাৰ প্ৰতিধ্বনি শুনা গ’ল।

ইপিনে, বাঙালী সংগঠনকেইটাৰ প্ৰস্তাৱিত সমাৱেশখনক সন্দৰ্ভত অসম সাহিত্য সভাই সংগঠনকেইটাৰ লগত আলোচনাত মিলিত হোৱাক লৈও হৈছিল প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত ড০ পৰমানন্দ ৰাজবংশীয়ে কয়, “আমি ভাষিক আৰু ধৰ্মীয় দ্বন্দ্ব মানি ল’ব নোৱাৰো। বাঙালীসকলৰো অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অৱদান আছে। গতিকে জাতীয় শক্তিক একত্ৰিত কৰিবলৈ এই প্ৰয়াস কৰিছো।”

তেওঁ লগতে সমাৱেশখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ কোনো কাৰণত মানি লোৱা নহয় বুলিও স্পষ্ট কৰি দিয়ে। লগতে বাঙালী সংগঠনকেইটাই অসমৰ আন আন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগ লগা উচিত আৰু তেনে এটা পৰিবেশ সৃষ্টি কৰিব লাগে বুলিও কয়।