NORTHEAST NOW (Assamese)

ভাৰতত জৰুৰীকালীন কোভিড-১৯ ভেকচিন ২০২১ চনৰ জানুৱাৰি-ফেব্ৰুৱাৰিৰ ভিতৰতে প্ৰস্তুত হৈ উঠিব পাৰে : প্ৰাক্তন আই চি এম আৰৰ সঞ্চালক প্ৰধান

May 21, 2020 10:19 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান এন কে গাংগুলীয়ে ভাৰতত অহা বছৰৰ জানুৱাৰি-ফেব্ৰুৱাৰি মাহৰ ভিতৰতে জৰুৰীকালীন কোভিড-১৯ ভেকচিন প্ৰস্তুত হোৱাৰ সম্ভাৱনা আছে বুলি মত ব্যক্ত কৰে।

ভাৰত বয়’টেক আৰু ফিলাডেলফিয়াৰ জেফাৰছন বিশ্ববিদ্যালয়ে মিলিতভাৱে প্ৰস্তুত কৰি থকা কোভিড-১৯ৰ ভেকচিন অহা বছৰৰ জানুৱাৰি-ফেব্ৰুৱাৰি মাহৰ ভিতৰতে জৰুৰীকালীন ভেকচিন হিচাপে প্ৰস্তুত হৈ উঠিব বুলি গাংগুলীয়ে আশা ব্যক্ত কৰে।

এই ভেকচিন প্ৰস্তুত হৈ উঠাৰ পাছতে মানুহৰ শৰীৰত শক্তিশালী কোভিড-১৯ প্ৰতিৰোধী ব্যৱস্থা এটা গঢ়ি তোলাৰ বাবে প্ৰয়োগ কৰা হ’ব যাতে ভাইৰাছৰ বিধৰ সংক্ৰমণৰ গতি বহু পৰিমাণে হ্ৰাস পায়।

কোভিড-১৯ ভাইৰাছৰ এণ্টিজেন চিকুৱেনছৰ বিষয়ে জ্ঞাত হোৱাৰ পাছতে এই ভেকচিন প্ৰস্তুতৰ গতিবেগ বৃদ্ধি পাব বুলিও আই চি এম আৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান গৰাকীয়ে উল্লেখ কৰে।

আনহাতে, আই চি এম আৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান গৰাকীয়ে সাধাৰণতে ভাইৰাছৰ প্ৰতিৰোধী ভেকচিন পৰীক্ষাগাৰৰ পৰা বজাৰত উপলব্ধ হ’বৰ বাবে পাঁচ বছৰৰ পৰা দহ বছৰ পৰ্যন্ত সময় লয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যদিও কোভিড-১৯ৰ ভেকচিন ইয়াতকৈ কম সময়ৰ ভিতৰতে প্ৰস্তুত হৈ উঠিব বুলি কয়।

উল্লেখযোগ্য যে, ভাৰতৰ লগতে আমেৰিকা, ইংলেণ্ড, ইজৰাইল আদি বহু দেশত কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰাৰ বাবে গৱেষণা চলি আছে।

ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণা বহু পৰিমাণে আগবঢ়িছেও বুলি খবৰ লাভ কৰা হৈছে।

Related News