বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদৰ পৰলোকপ্ৰাপ্তি; মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

Dara Ahmed

অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট পৰিচালক দাৰা আহমেদৰ পৰলোকপ্ৰাপ্তি ঘটিছে।

মহানগৰীৰ এপল’ হাস্পাতালত সোমবাৰে পুৱা তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২বছৰ।

দেওবাৰে দুপৰীয়া হঠাতে বুকুৰ বিষ অনুভৱ কৰাৰ পাছত আহমেদক এপ’ল’ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

হাস্পাতালত চিকিৎসকে তেওঁক ততাতয়াকৈ আইচিইউত ভৰ্তি কৰে। কিন্তু মৃত্যুৰ সৈতে যুঁজি অৱশেষত সোমবাৰে পুৱা হাস্পাতালতে চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

অসমীয়া চলচ্চিত্ৰ জগতৰ এখন অতি জনপ্ৰিয় ছবি ‘ডাঃ বেজবৰুৱা’ত প্ৰথম সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল দাৰা আহমেদে।

দাৰা আহমেদ পৰিচালিত জনপ্ৰিয় অসমীয়া ছবিসমূহৰ ভিতৰত আছিল, ‘পূজা’, ‘ৰিক্সাৱালা’, ‘উৰ্বশী’, ‘যখিনী’, ‘ধ্ৰুৱতৰা’ আদি।

জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ ভগ্নী এলি আহমেদ অসমৰ এগৰাকী বিশিষ্ট গীতিকাৰ তথা সাহিত্যিক।

দাৰা আহমেদৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে।

টুইটাৰযোগে নিজৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে,‘’অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ বিয়োগত মই মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগে অসমীয়া চলচ্চিত্ৰ জগতত এক শূণ্যতাৰ সৃষ্টি কৰিলে। মই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।‘’

আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ আন এগৰাকী বিশিষ্ট পৰিচালক সঞ্জীৱ হাজৰিকাই। টুইট কৰি তেওঁ লিখিছে,’’পূজা’ৰ দৰে ছুপাৰহিট চিনেমাৰ পৰিচালক দাৰা আহমেদ আৰু আমাৰ মাজত নাই। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ।‘’

বিশিষ্ট পৰিচালকগৰাকীৰ বিয়োগত অসমীয়া চলচ্চিত্ৰৰ অনুৰাগীসকলৰ লগতে বিভিন্ন মহলত শোকৰ ছাঁ পৰিছে।