বিশিষ্ট সাহিত্যিক, চিন্তাবিদ, গৱেষক-পণ্ডিত ড০ প্রফুল্ল মহন্তৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, চিন্তাবিদ, গৱেষক-পণ্ডিত ড০ প্রফুল্ল মহন্তৰ দেহাৱসান ঘটিছে। শুকুৰবাৰে পুৱতি নিশা ২বাজি ৫৫ মিনিটত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে মহান চিন্তাবিদগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৮২ বছৰ।

ড০ মহন্ত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৪১ চনত নগাঁৱৰ জাজৰিত জন্ম গ্ৰহণ কৰা ড০ প্ৰফুল্ল মহন্ত এগৰাকী বিশিষ্ট শিক্ষাবিদ হোৱাৰ লগতে এগৰাকী সমাজ বিজ্ঞানী তথা চিন্তাবিদ হিচাপে পৰিচিত।

লগতে পঢ়ক: স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বাঁহৰ দলঙেই যাতায়তৰ মাধ্যম; কেতিয়া হ’ব ‘সবকা সাথ সবকা বিকাশ’?

১৯৯৪ চনলৈ মৰিয়নি কলেজত শিক্ষকতা কৰা ড০ মহন্তই সেই বছৰেই আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাত যোগদান কৰাৰ পিছত ২০০৫ চনত সঞ্চালক হিচাবে অৱসৰ গ্ৰহণ কৰে।

ড০ প্ৰফুল্ল মহন্তই লিখা ”অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস” নামৰ গ্ৰন্থখন তেওঁৰ উচ্চমানৰ গৱেষণাৰ ফচল। ড০ মহন্তৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত আছে ‘জনগোষ্ঠীয় চেতনা’, ‘অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ’, ‘বড়ো ভূমিৰ উচুপনি’ আদি।

লগতে পঢ়ক: কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু

এগৰাকী বিজ্ঞানমনস্ক ব্যক্তি তথা সমাজ বিজ্ঞানী ড০ মহন্তই ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে মৰণোত্তৰ অংগদানৰ অংগীকাৰ পত্ৰত স্বাক্ষৰ কৰি গৈছে।

জানিব পৰা মতে, শুকুৰবাৰে দিনৰ ১১ বজাত গুৱাহাটী মেডিকেল কলেজত তেখেতৰ মৰণোত্তৰ অংগদানৰ কাৰ্যসূচী অনুষ্ঠিত হব। 

বিশিষ্ট গৱেষক-পণ্ডিত ড০ প্ৰফুল্ল মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে।

এক টুইটত তেওঁ লিখিছে,’’বিশিষ্ট সাহিত্যিক তথা সমাজতত্ত্ববিদ ড° প্ৰফুল্ল মহন্তদেৱৰ বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰিলে৷ ভালেমান তত্ত্বগধুৰ গ্ৰন্থৰ প্ৰণেতা চিন্তাশীল লেখকগৰাকীৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ শান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই পৰিয়ালবৰ্গক সমবেদনা জনালোঁ৷’’