অনিৰ্দিষ্ট কাললৈ ১০৮ আৰু ১০২ সেৱা বন্ধ! : নগাঁৱতো জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

সমগ্ৰ ৰাজ্যৰ লগতে আজি নগাঁও জিলাতো জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰি অনিৰ্দিষ্টকালীন কৰ্ম বিৰতিৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে পৰিৱৰ্তনৰ শ্ল’গান দিয়া এইখন চৰকাৰৰ দিনতে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীয়েও প্ৰতিবাদত নামিব লগীয়া হৈছে। তাকো খুবেই দক্ষ বুলি প্ৰতিপন্ন কৰিব খোজা স্বাস্থ্য মন্ত্ৰীজনৰ অধীনৰ বিভাগত। ৰাজ্যত জৰুৰীকালীন স্বাস্থ্য সেৱা আগ বঢ়াই অহা ১০৮ আৰু ১০২-ৰ কৰ্মচাৰীসকলে শোষণ-বঞ্চনাৰ অভিযোগ তুলি আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াৰ অভিযোগ তুলি কৰ্মচাৰীসকলে জানিবলৈ দিয়ে যে, যোৱা ১৮ আগষ্টত গুৱাহাটীস্থ ‘লক্ষীৰাম বৰুৱা ভৱন’ত হোৱা সাধাৰণ সভাত সৰ্বভাৰতীয় শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰে’ড ইউনিয়ন কংগ্ৰেছ (AITUC)-এ  জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি কেইবাটাও প্ৰস্তাৱ সন্নিৱিষ্টৰে GVK-EMRI ৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

আনহাতে শ্ৰমিক সংগঠনটোৱে ৰাজ্যিক শ্ৰম আয়োগে যোৱা ৩০ জানুৱাৰিত Industrial Employment (Standing Order) Act 1946ৰ অধীনত দিয়া নিৰ্দেশনা অমান্য কৰি কৰ্মচাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ আনিছিল। GVK-EMRI-এ ‘সেৱা বিধি কাৰ্যকৰী নকৰি খেয়াল-খুচিমতে কৰ্মচাৰীসকলক হাৰাশাস্তি কৰি আহিছে বুলিও পত্ৰখনত উল্লেখ কৰিছে।

 উল্লেখযোগ্য যে, ২০০৮ৰ পৰা ২০১৪ চনলৈ কৰ্মচাৰীসকলক প্ৰদান কৰি অহা দৰমহাৰ বাৰ্ষিক বৃদ্ধি (Annual Increment) ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত নিয়োগকাৰী GVK-EMRI-এই হঠাৎ বন্ধ কৰি দিছিল। ইয়াৰ প্ৰতিবাদ কৰাত এই ধন মুকলি কৰি দিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়ালৈকে এই ধন মুকলি কৰি দিয়া নাই।

এই সন্দৰ্ভত জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলে মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক অৱগত কৰাৰ পিছতো কোনোধৰণৰ সমাধান লাভ কৰিবলৈ সক্ষম নহ’ল। ফলত জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰী সকলে আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে।

আনহাতে, আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে স্বাস্থ্য মন্ত্ৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ পৰিচালন সঞ্চালক, শ্ৰম আয়ুক্ত, আৰক্ষী সঞ্চালক প্ৰধানৰ উপৰি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে।