NORTHEAST NOW (Assamese)

নিদাৰুণ: নগাঁৱত ঘৰত বন কৰা ১২ বছৰীয়া কন্যা শিশুক জ্বলাই হত্যা 

April 23, 2021 7:40 pm · এন ই নাও নিউজ
Updated: April 23, 2021 7:46 pm

এক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যকে।

নগাঁৱত এজন লোকে তেওঁৰ পুত্ৰ সৈতে মিলি ১২ বছৰীয়া কন্যা শিশুটিক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে নগাঁও আৰক্ষীয়ে অভিযুক্ত প্ৰকাশ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰ নয়ণমণি বৰঠাকুৰক  গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই প্ৰকাশ কৰা মতে কন্যা শিশুটিক ঘৰত বন কৰা হিচাবে ব্যৱহাৰ কৰা প্ৰকাশ বৰঠাকুৰে ছোৱালীজনীয়ে আত্মহত্যা কৰা বুলি কৈছে যদিও ছোৱালী জনীক প্ৰথমে হত্যা কৰি পিছত জ্বলাই দিয়া বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য কালি ছ’চিয়েল মিডিয়াত মৃত ছোৱালী জনীৰ এখম ছবি ভাইৰেল হৈ পৰিছিল।

ছোৱালী জনীৰ মৃতদেহৰ কাষত এটা জাৰ আৰু দিয়া চলাই পৰি থকাও দেখা গৈছিল। সেই ছবি খন ভাইৰেল হৈ পৰাৰ পিছতে নগাঁও চহৰত উত্তেজনা বিয়পি পৰে।

একাংশ প্ৰতিবাদকাৰীয়ে হত্যাকাৰীৰ উচিৎ শাস্তি দাবী কৰি প্ৰতিবাদ সাৱস্ত্য কৰাও দেখা যায়।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু শীঘ্ৰে প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Related News