মুম্বাইত সৰভোগৰ বোৱাৰী ইনাক্ষী দাসলৈ নাৰী শক্তি সন্মান

e7487c4d-3bd4-4f77-a360-28a6ac4fbd88

ইনাক্ষী দাস। ফাইল ফটো

ৰাজ্যবাসীয়ে নিৰ্বাচনী ধামখুমীয়াৰ লগতে অসমীয়া নৱবৰ্ষক আদৰাৰ বাবে ব্যস্ত থকাৰ সময়তে ৰাজ্যবাসীলৈ এটি সুখবৰ কঢ়িয়াই আনে বৰপেটা জিলাৰ সৰভোগৰ বোৱাৰী ইনাক্ষী দাসে ৷

সুদুৰ মুম্বাইত সৌন্দৰ্য প্ৰতিযোগিতাত নাৰী শক্তি সন্মানৰ বঁটা লাভ কৰি ৰাজ্যবাসীক দিয়ে এই সুখৰ বতৰা ৷ মুম্বাইৰ ইন’ভেটিভ আৰ্টিষ্ট ৱেলফেয়াৰ এচ’ছিয়েচনৰ উদ্যোগত সোমবাৰে মুম্বাইত অনুষ্ঠিত “ৱ’মেন এচিভাৰ এৱাৰ্ড” অনুষ্ঠানত ইনাক্ষী দাসক প্ৰদান কৰে এই সন্মান ৷

উল্লেখ্য যে, দাসে সৌন্দৰ্য প্ৰতিযোগিতাত কেইবাটাও সন্মান লাভ কৰাৰ উপৰি  ২০১৮ বৰ্ষত দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত আই এম মি ৰয়েল ইণ্ডিয়া ইউনিভাৰ্চ প্ৰতিযোগিতাত এছিয়া মিছেছ ক্লাছিকেল ইউনিভাৰ্চ খিতাপ অৰ্জন কৰে।

আনাহতে, ইনাক্ষী দাসে চলিত বৰ্ষৰ ১২ জানুৱাৰিত “ৱ’মেন এক্সিলেন্ট এচিভমেন্ট” এৱাৰ্ডত সমাজ সেৱিকাৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল।