Ben Stokes: হঠাতে অৱসৰ ঘোষণা বেন ষ্টোকছৰ; মঙলবাৰে খেলিব অন্তিমখন এদিনীয়া আন্তৰ্জাতিক মেচ

Ben Stokes suddenly announced retirement from ODI ভাৰতৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলা খেলাৰ সময়ত বেন ষ্টোকছে এনে এটা সিদ্ধান্ত ল’বলৈ সাজু হৈছে বুলি কোনোৱে চিন্তাই কৰিব পৰা নাছিল। কিন্তু শৃংখলাটো শেষ হোৱাৰ পিছদিনাই ব্ৰিটিছ অলৰাউণ্ডাৰগৰাকীয়ে তেওঁৰ সিদ্ধান্ত ঘোষণা কৰে।

সোমবাৰে ইংলেণ্ডৰ টেষ্ট অধিনায়কগৰাকীয়ে ঘোষণা কৰে যে তেওঁ মঙলবাৰে শেষবাৰৰ বাবে দেশৰ জাৰ্চীত এদিনীয়া মেচ খেলিব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সেই খেলখনৰ পিছতে তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব।

ষ্টোকছে সোমবাৰে সামাজিক মাধ্যমত এখন বিজ্ঞপ্তি জাৰি কৰি অনুৰাগীসকলক তেওঁৰ অৱসৰৰ বিষয়ে অৱগত কৰে। টুইটাৰত তেওঁ বিশ্বকাপ ট্ৰফী ধৰি থকা এখন ফটো পোষ্ট কৰে।

তেওঁ লিখিছে, “মই মঙলবাৰে ডাৰহামত ইংলেণ্ডৰ হৈ মোৰ অন্তিমখন এদিনীয়া খেলিম। মই এই ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। এনে সিদ্ধান্ত লোৱাটো বহুত কঠিন আছিল। ইংলেণ্ডৰ সতীৰ্থসকলৰ সৈতে মই খেলৰ প্ৰতিটো মিনিট উপভোগ কৰিছিলো। আমাৰ যাত্ৰা আছিল অসাধাৰণ।‘’

তিনিটা ফৰ্মেটতে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰাটো সম্ভৱ নহয় বুলি অনুভৱ কৰিয়েই ষ্টোকছে এদিনীয়া ক্ৰিকেটৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়। তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে  বিজ্ঞপ্তিখনত উল্লেখ কৰিছে যে তেওঁ এদিনীয়া খেল এৰিলেও টেষ্ট আৰু টি-২০ত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিব।

উল্লেখ্য যে কেইদিনমান পূৰ্বে ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী অধিনায়ক ইয়ন মৰ্গানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায়। এইবাৰ তাৰকা অলৰাউণ্ডাৰগৰাকীৰ প্ৰস্থানে ইংলেণ্ডৰ এদিনীয়া ক্ৰিকেটৰ আন এটা বৰ্ণিল অধ্যায়ৰ সমাপ্তি ঘটালে।

ষ্টোকছে এতিয়ালৈকে ইংলেণ্ডৰ হৈ ১০৪ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে। তেওঁ ৩৯.৪৪ গড়ে ২৯১৯ ৰাণ সংগ্ৰহ কৰিছে। তেওঁ মুঠতে ৩টা শতক আৰু ২১ টা অৰ্ধ-শতক অৰ্জন কৰে। বলিঙতো তেওঁ মুঠ ৭৪ টা উইকেট লৈছে।