NORTHEAST NOW (Assamese)

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am · এন ই নাও নিউজ, গুৱাহাটী

মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়াম অন্যতম শক্তিশালী ষ্টেডিয়াম। ইয়াৰ এটা কাৰণ অৱশ্যেই ইয়াৰ উচ্চতা। আৰু আন এটা কাৰণ হ’ল মেক্সিকান অনুৰাগীসকল। এই সকলোবোৰৰ সৈতে এইবাৰ যোগ হৈছিল মেক্সিকান দলৰ শেহতীয়া প্ৰদৰ্শন। এই সকলোৰ বিৰুদ্ধে যুঁজত নামি জয়ী হৈছে ইংলেণ্ড। বিশ্বকাপৰ অন্তিম ১৬-ৰ খেলত মেক্সিকোক ৩-২ গ’লত পৰাস্ত কৰি হেৰী কেন বাহিনীয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

মেচ আৰম্ভ হোৱাৰ পূৰ্বে এজটেকা ষ্টেডিয়ামৰ উচ্চতা আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ইংলেণ্ডৰ ফুটবলাৰসকলে সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭,২২০ ফুট উচ্চতাত পাতল বতাহত খেলিলে সমস্যাৰ সন্মুখীন হ’ব নেকি বুলি বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। আনকি থ্ৰী লায়ন্সৰ ফুটবলাৰসকলে সেই সমস্যা দূৰ কৰিবলৈ ভায়াগ্ৰা ব্যৱহাৰ কৰিব পাৰে বুলিও উৰাবাতৰি বিয়পিছিল।

কিন্তু থমাছ টুচেলৰ দলটোৱে এই সকলোবোৰ আলোচনাৰ খেলপথাৰত কোনো প্ৰভাৱ পেলাবলৈ নিদিলে। উত্তেজনাপূৰ্ণ, নাটকীয় মেচত অৱশেষত ইংলেণ্ডে আয়োজক মেক্সিকোক ৩-২ গ’লত পৰাস্ত কৰিলে।

মেচৰ পূৰ্বে অনুষ্ঠিত হোৱা সংবাদমেলত ইংলেণ্ডৰ প্ৰশিক্ষক থমাছ টুচেলে ভায়াগ্ৰাৰ জল্পনা-কল্পনাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত হাঁহি উৰুৱাই দিছিল। তেওঁৰ স্পষ্ট উত্তৰ আছিল, ‘অন্ততঃ মই তেনে কোনো তথ্য পোৱা নাই। গতিকে এই খবৰটো একেবাৰে সঁচা নহয়।’

তেওঁ স্বীকাৰ কৰে যে এজটেকাৰ উচ্চতা এক প্ৰত্যাহ্বান হ’ব। টুচেলৰ ভাষাত ‘আমি সেইটো সলনি কৰিব নোৱাৰো। আমি পৰিস্থিতিৰ লগত খাপ খাব লাগিব।’ একে সময়তে তেওঁ কয় যে প্ৰথম ১৫ৰ পৰা ২০ মিনিট আটাইতকৈ কঠিন হ’ব পাৰে। ইংলেণ্ডৰ প্ৰশিক্ষকগৰাকীয়ে হোটেলত থকাৰ সময়ত সামান্য উশাহ লোৱাত কষ্ট পোৱা আৰু টোপনিৰ সমস্যাৰ কথাও উল্লেখ কৰিছিল।

আজি অৱশ্যে উৰাবাতৰি, সস্তীয়া বিতৰ্ক নহয়। ফুটবল খেলখন যুদ্ধলৈ পৰিণত হ’ল। এঘণ্টাৰ বৰষুণৰ পিছত আৰম্ভ হোৱা প্ৰথমাৰ্ধত ইংলেণ্ডৰ বাবে ভেটি স্থাপন কৰে জুড বেলিংহামে। ৩৬ আৰু ৩৮ মিনিটত দুটা গ’ল দি খেলখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় থ্ৰী লায়ন্সে।

অৱশ্যে ৪২ মিনিটত জুলিয়ান কুইননেছে মেক্সিকোক পুনৰ খেলখনলৈ ঘুৰাই আনে। বিৰতিৰ পাছত ৫৬ মিনিটত জেৰেল কোৱানছাক বাহিৰ কৰি দিয়াত ইংলেণ্ডৰ শক্তি দহজনলৈ হ্ৰাস পায়। অৱশ্যে ৬০ মিনিটত পেনাল্টি স্পটৰ পৰা অধিনায়ক হেৰী কেনে গ’ল দিয়াত ৩-১ গ’লত অগ্ৰগতি লাভ কৰে। চলিত বিশ্বকাপত তেওঁৰ গ’লৰ সংখ্যা হয় ছয়।

ইংলেণ্ড তিনিটা গ’লত আগবাঢ়ি থকাৰ পিছত মেক্সিকো পুনৰ খেলখনলৈ উভতি আহে। ৬৬ মিনিটত ৰেফাৰী আলিৰেজা ফাঘানীয়ে বক্সৰ ভিতৰত হেৰী কেনৰ ফাউলৰ বাবে ভিএআৰৰ সহায়ত পেনাল্টি দিয়ে। কেনে হালধীয়া কাৰ্ডো পায়। ৬৯ মিনিটত সেই স্পট কিকৰ পৰা ৰাউল জিমেনেজে গ’ল দি ব্যৱধান হ্ৰাস কৰে।

তাৰ পিছত মেক্সিকোৱে জৰ্ডান পিকফৰ্ডক কেইবাবাৰো পৰীক্ষাৰ সন্মুখীন কৰাইছিল। জেছুছ গিয়াৰ্ডো, আলভাৰো ফিডালগো আৰু বিকল্প চেণ্টিয়াগো জিমেনেজে সুযোগ সৃষ্টি কৰিছিল যদিও ইংলেণ্ডৰ গ’লৰক্ষক আৰু ডিফেন্সে গ’ল দিবলৈ সুযোগ নিদিলে। অতিৰিক্ত সময়ত হেৰী কেনে আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ ত্যাগ কৰে। তেওঁৰ ঠাইত মৰ্গান ৰ’জাৰ্ছ নামে। অৱশ্যে তাৰ ফলত ছন্দত কোনো প্ৰভাৱ পৰা নাছিল।

এজটেকৰ পাতল বতাহ, ৮০ হাজাৰতকৈ অধিক দৰ্শকৰ হেঁচা আৰু আয়োজক দেশৰ বিৰুদ্ধে নকআউট মেচ – অৱশেষত ইংলেণ্ডে তিনিওটা পৰীক্ষাতে উত্তীৰ্ণ হ’ল। মেচৰ আগতে যি উচ্চতাক আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰা হৈছিল, সেই উচ্চতাই শেষত ফলাফল নিৰ্ণয় কৰিব পৰা নাই। বৰঞ্চ প্ৰাৰম্ভিক জোকাৰণি অতিক্ৰম কৰাৰ পিছত টুচেলৰ পৰিকল্পনাই কাম কৰিলে।

এতিয়া ইংলেণ্ডে কোৱাৰ্টাৰ ফাইনেলত অধিক কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব। শেষ ৮-ত তেওঁলোকৰ প্ৰতিদ্বন্দ্বী হৈছে আৰ্লিং হালেণ্ডৰ নৰৱে, যিয়ে পূৰ্বৰ খেলখনত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচনা কৰিছে।

Related News