• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে স্পষ্ট অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰীয় চৰকাৰে কোনো দীৰ্ঘম্যাদী পৰীক্ষা নকৰাকৈয়ে সাধাৰণ জনতাৰ ওপৰত এই বিতৰ্কিত নীতি বলপূৰ্বকভাৱে জাপি দিছে। ইয়াৰ মূল্য দিব লগা হৈছে সাধাৰণ মধ্যবিত্তীয় গাড়ীৰ মালিকসকলে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2026 8:56 am
101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছচিয়েল মিডিয়াত জ্বলি উঠিছিল ক্ষোভৰ জুই। এইবাৰ দেশৰ গাড়ীচালকসকলে মুকলিকৈ ৰাজপথলৈ ওলাই আহি ইথানল মিহলি পেট্ৰ’ল বা ‘ই২০ ফিউৱেল’ৰ বাবে তেওঁলোকৰ গাড়ী বিকল হোৱাৰ লগতে মাইলেজ হ্ৰাস পোৱাৰ অভিযোগ উত্থাপন কৰে। ‘আমাৰ গাড়ী, আমাৰ অধিকাৰ’; এই শ্লোগানটোক লৈ দেওবাৰে দিল্লীৰ যন্তৰ মন্তৰত এক অভূতপূৰ্ব প্ৰতিবাদী সমাৱেশৰ আয়োজন কৰা হয়।

ভাৰতৰ মাটিত ই-২০ পেট্ৰ’লৰ বাধ্যতামূলক ব্যৱহাৰৰ বিৰুদ্ধে এইটোৱেই প্ৰথম অন গ্ৰাউণ্ড বা প্ৰত্যক্ষ প্ৰতিবাদী আন্দোলন। বিশিষ্ট উদ্যোগী তথা টিভি ব্যক্তিত্ব তাহছিন পুনাৱাল্লাৰ নেতৃত্বত ক্ষুব্ধ গাড়ীচালকসকলে ৰাজধানীৰ মাজমজিয়াত সমবেত হয়।

Apply Now

প্ৰতিবাদকাৰীসকলে স্পষ্ট অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰীয় চৰকাৰে কোনো দীৰ্ঘম্যাদী পৰীক্ষা নকৰাকৈয়ে সাধাৰণ জনতাৰ ওপৰত এই বিতৰ্কিত নীতি বলপূৰ্বকভাৱে জাপি দিছে। ইয়াৰ মূল্য দিব লগা হৈছে সাধাৰণ মধ্যবিত্তীয় গাড়ীৰ মালিকসকলে।

যন্তৰ মন্তৰত প্ৰতিবাদত যোগদান কৰা গাড়ীচালকসকলে তেওঁলোকৰ তিক্ত অভিজ্ঞতা ব্যক্ত কৰে। গুৰগাঁৱৰ এজন যুৱ চফটৱেৰ ইঞ্জিনিয়াৰ সাৰ্থকে কয় যে তেওঁৰ ২০১৮ চনৰ বালেনো গাড়ীখন ই ১০ ইন্ধনৰ বাবে উপযোগী। কিন্তু যোৱা কেইমাহমানৰ পৰা ই-২০ পেট্ৰ’লৰ ব্যৱহাৰৰ বাবে তেওঁৰ গাড়ীৰ মাইলেজ প্ৰতি লিটাৰত ১৮ কিলোমিটাৰৰ পৰা ১৪ কিলোমিটাৰতকৈও কম হৈছে। অৰ্থাৎ মাইলেজ প্ৰায় ২২ শতাংশ কমি গৈছে।

দিল্লীৰ পেটেল নগৰৰ বাসিন্দা ৰাজ সিঙে আৰু অধিক তিক্ত অভিজ্ঞতা শ্বেয়াৰ কৰে। তেওঁ কয়, “যোৱা সাত মাহ ধৰি পইচা ৰাহিৰ উদ্দেশ্যে ই-২০ পেট্ৰ’ল ভৰাই আছিলো। কিন্তু যোৱা মাহত হঠাতে গাড়ীখনৰ পাৱাৰ কমি যায় আৰু ইঞ্জিনৰ ৱাৰ্নিং লাইট জ্বলি উঠে। মেকানিকক দেখুওৱাৰ পিছত মই ৩৫ হাজাৰতকৈ অধিক টকা খৰচ কৰি সম্পূৰ্ণ ফুৱেল চিষ্টেমটো পৰিষ্কাৰ কৰি পাৰ্টছ সলনি কৰিলোঁ।”

আনহাতে, দিল্লীৰ এগৰাকী স্কোডা স্লাভিয়া গাড়ীৰ মালিকে কয় যে তেওঁৰ গাড়ীখন হঠাতে ৰাস্তাৰ মাজত বন্ধ হৈ গ’ল। তেওঁক অনুমোদিত চাৰ্ভিছ চেন্টাৰে স্পষ্টভাৱে জনাইছে যে এই বিজুতি ইথানলৰ বাবে আৰু প্ৰতিদিনে ৭-৮ খন গাড়ী এনে একে সমস্যা লৈ আহে।

প্ৰতিবাদকাৰীৰ এটা অংশই এই কেন্দ্ৰীয় নীতিৰ আঁৰত এক বৃহৎ কৰ্পৰেট আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছে। ছাউছ এক্সটেনশ্যনৰ বাসিন্দা শিৱ ভাটে নিজৰ ক্ষোভ প্ৰকাশ কৰি কয়, “কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এই অপৰিকল্পিত পৰীক্ষাই আমাৰ ভাল গাড়ীবোৰক স্ক্ৰেপ বা লোহা-লক্কৰত পৰিণত কৰিছে। আনহাতে তেওঁৰ বন্ধু স্থানীয় চেনি কলৰ মালিকসকল উৎফুল্লিত হৈ উঠিছে।”

আচলতে ইথানল মূলতঃ কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা হয়। উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত চেনি কলৰ ব্যৱসায়ৰ সৈতে ৰাজনৈতিক নেতা আৰু বৃহৎ ব্যৱসায়ীৰ সম্পৰ্ক অতি গভীৰ। প্ৰতিবাদকাৰীসকলে দাবী কৰে যে যদিও এই নীতিৰ সহায়ত খাৰুৱা তেল আমদানিৰ ব্যয় হ্ৰাস কৰা হৈছে বা পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে, বাস্তৱত এই নীতিৰ জৰিয়তে ছুগাৰৰ লবী বা চেনি ব্যৱসায়ীসকলক কোটি কোটি টকাৰ সুবিধা প্ৰদান কৰা হৈছে।

ৰেলী ড্ৰাইভাৰ তথা গাড়ী বিশেষজ্ঞ ৰতন ধিলনে দাবী কৰে যে ইথানলৰ আৰ্দ্ৰতা শোষণ বা হাইগ্ৰস্কোপিক ক্ষমতাৰ বাবে গাড়ীৰ ফুৱেল ফিল্টাৰ আৰু সমগ্ৰ পাইপলাইন শ্বোক বা জাম হৈ পৰিছে। কিন্তু বজাৰত বিশুদ্ধ পেট্ৰ’ল কিনিবলৈ সাধাৰণ মানুহৰ বাবে কোনো সহজ বিকল্প নাই। বৰ্তমান সাধাৰণ ই-২০ পেট্ৰ’ল প্ৰতি লিটাৰত প্ৰায় ১০২ টকাত পোৱা যায় যদিও খাটি বা ‘বিশুদ্ধ পেট্ৰ’ল’ ক্ৰয় কৰিলে প্ৰতি লিটাৰত ১৬০ টকাতকৈ অধিক খৰচ হয়।

তথ্য অনুসৰি বিগত ১৫ বছৰত ভাৰতত বিক্ৰী হোৱা প্ৰায় ৮০ শতাংশ গাড়ী ই-২০ ইন্ধনৰ বাবে উপযোগী নহয়। ব্ৰাজিল বা আমেৰিকাৰ দৰে দেশসমূহে পৰ্যায়ক্ৰমে আৰু দশক দশক ধৰি ফ্লেক্স ইন্ধনযুক্ত বাহনৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰি এই নীতি প্ৰৱৰ্তন কৰিছিল। কিন্তু ভাৰতে পৰ্যাপ্ত প্ৰস্তুতি অবিহনে চালকৰ ওপৰত এইটো জাপি দিছে।

এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমনে ২০ শতাংশ ইথানল মিশ্ৰণৰ নীতিগত সিদ্ধান্ত সলনি কৰাৰ কোনো সম্ভাৱনা নাই বুলি ইতিমধ্যে কৈছে যদিও দেওবাৰৰ এই সৰু প্ৰতিবাদে প্ৰমাণ কৰি দিলে যে দেশৰ মধ্যবিত্ত শ্ৰেণীৰ মাজত ক্ষোভ বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd