ICC T-20 World Cup: বাটলাৰৰ বেটিং ধুমুহাত বিধ্বস্ত আমেৰিকা; ১০ উইকেটত জয়লাভ কৰি ছেমি ফাইনেলত ইংলেণ্ড

পাকিস্তানক পৰাস্ত কৰি চমক দিলেও জোছ বাটলাৰৰ ইংলেণ্ডৰ সন্মুখত প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে। টী-২০ বিশ্বকাপৰ ছুপাৰ এইটৰ মেচত ইংলেণ্ডে আমেৰিকাক পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি আমেৰিকাই ১৮.৫ অভাৰত মাত্ৰ ১১৫ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ বেটছমেনসকলে ৯ অভাৰ ৪ টা বল খেলি এটাও উইকেট নেহেৰুৱাই সেই ৰান অতিক্ৰম কৰে।

ইংলেণ্ডৰ হৈ অকল অধিনায়ক জোছ বাটলাৰে ৩৮টা বলত ৮৩ ৰান সংগ্ৰহ কৰে। ফিলিপ ছল্টে তেওঁৰ সৈতে ২৫ ৰানৰ নিয়ন্ত্ৰিত ইনিংছ খেলিছিল। ক্ৰীছ জৰ্ডানে বলিংত শক্তি প্ৰদৰ্শন কৰে। মাত্ৰ ২.৫ অভাৰত ১০ ৰান দি ৪টা উইকেট দখল কৰে জৰ্ডানে। তেওঁ হেট্ৰিকও কৰে। মুঠতে ইংলেণ্ডে শক্তিশালী প্ৰদৰ্শনেৰে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে।

ইংলেণ্ডৰ অধিনায়ক বাটলাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অভাৰতে এণ্ড্ৰিছ গাউছৰ উইকেট হেৰুৱাইছিল আমেৰিকাই। অৱশ্যে পৰিস্থিতি চম্ভালে ষ্টিভেন টেইলৰ আৰু নীতিশ কুমাৰৰ যুটীয়ে। আদিল ৰছিদৰ স্পীনৰ সন্মুখত বাৰে বাৰে অস্বস্তিত পৰে আমেৰিকাৰ বেটছমেন।

ফটো সৌজন্যঃ আইচিচি।

ক্ৰীছ জৰ্ডানে বলিং কৰিবলৈ আহি চমক দেখুৱায়। তেওঁ মাত্ৰ ২.৫ অভাৰত ১০ ৰান দি ৪টা উইকেট দখল কৰে। জৰ্ডানে ইজনৰ পিছত সিজনকৈ ক’ৰী এণ্ডাৰছন, আলী খান আৰু সৌৰভ নেত্ৰভলাকাৰক আউট কৰি হেটট্ৰিক অৰ্জন কৰে। আদিল আৰু ক্ৰীছৰ পৰাক্তমত আমেৰিকাই ১১৫ ৰাণতে অল আউট হয়।

ইংলেণ্ডে ১১৬ ৰান সংগ্ৰহ কৰিবলৈ বেছি সময় নল’লে। কাৰণ বাটলাৰ বাহিনীৰ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে তাড়না আছিল। চলিত বিশ্বকাপত প্ৰথমবাৰৰ বাবে অধিনায়ক জোছ বাটলাৰে নিজৰ সামৰ্থ্য অনুসৰি খেলিলে। সেইবাবেই আমেৰিকা ছেদেলি-ভেদেলি হৈ পৰিল। ইংলেণ্ডে ৬ অভাৰৰ পাৱাৰ প্লে’ত ৬০ ৰান সংগ্ৰহ কৰে। পৰৱৰ্তী ৫৭ ৰান কৰিবলৈ তেওঁলোকে মাত্ৰ ২২টা বলহে লৈছিল। ৩৮ বলত ৮৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে বাটলাৰ। আনহাতে, ২১টা বলত ২৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ছল্ট। মুঠতে তেওঁলোকে অনায়াসে জয়লাভ কৰে।

ফটো সৌজন্যঃ আইচিচি।

উল্লেখ্য যে আমেৰিকাক পৰাস্ত কৰি ইংলেণ্ডে ৪ পইণ্টেৰে গ্ৰুপত শীৰ্ষস্থান দখল কৰে। তেওঁলোকৰ নেট ৰান ৰেট ১.৯৯২। দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপৰ অন্তিমখন খেলত জয়ী হোৱা দলটোৱেও অন্তিম চাৰিত প্ৰৱেশ কৰিব। আনহাতে, ছুপাৰ এইটত তিনিখন মেচত পৰাস্ত হোৱাৰ পিছত আয়োজক দেশ আমেৰিকাই বিশ্বকাপৰ পৰা আঁতৰি গ’ল।

ফটো সৌজন্যঃ আইচিচি।

সংক্ষিপ্ত স্কোৰঃ

আমেৰিকা : ১১৫/১০-১৮.৫ অভাৰ (নীতিশ ৩০, এণ্ডাৰছন ২৯, হৰমিত ২১, ক্ৰীছ জৰ্ডান ১০/৪)

ইংলেণ্ড: ১১৭/০-৯.৪ অভাৰ (বাটলাৰ ৮৩, ছল্ট ২৫)

ইংলেণ্ডে ১০ উইকেটত জয়লাভ কৰে।