T20 World Cup যোৱাবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজক বিধ্বস্ত কৰি টী-২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিলে ইংলেণ্ডে

England VS West Indies

England beat West Indies বিশ্বকাপৰ অন্যতম শ্ৰেষ্ঠ দল হিচাপে বিবেচিত তথা যোৱাবাৰৰ টী-২০ বিশ্বকাপৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজে চলিত বিশ্বকাপৰ প্ৰথমখন মেচতে মুখথেকেচা খালে।

ইংলেণ্ডৰ বিৰুদ্ধে শনিবাৰে খেলা মেচখনত মাত্ৰ ৫৫ৰাণতে অল আউট হৈ যায় ৱেষ্ট ইণ্ডিজ। ফলত ৬ উইকেটত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হয় কেৰিবিয়ান দলটো।

ইপিনে, এই বিজয়েৰে ইংলেণ্ডে কেবল ২ পইন্ট লাভ কৰাই নহয়, লগতে নেট ৰাণ ৰেটতো বহুখিনি আগবাঢ়ি থাকিল।

ডুবাইৰ স্পীন সহায়ক উইকেটত টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ডে। বেট কৰিবলৈ নামি আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হয় ৱেষ্ট ইণ্ডিজ।

দলীয় ৮ ৰাণতে প্ৰথম উইকেট হেৰুওৱাৰ পাছত তাচপাতৰ দৰে খহি পৰে ৱেষ্ট ইণ্ডিজৰ ইনিংছ। দলটোৰ একমাত্ৰ ক্ৰিছ গেইলে দুটা অংকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়।

টী-২০ বিশ্বকাপৰ ইতিহাসত তৃতীয় সৰ্বনিম্ন স্ক’ৰৰ লজ্জাজনক অভিলেখ গঢ়ি মাত্ৰ ৫৫ৰাণতে ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে।

ইমান কম ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ নামি ইংলেণ্ডেও অৱশ্যে আবু ঢাবিৰ উইকেটত প্ৰথমতে হাবুডুবু খাবলগীয়া হয়। দলটোৱে ৪০ৰাণৰ ভিতৰতে ৪টা উইকেট হেৰুৱায়।

কেৰিবিয়ান বলাৰসকলে নিম্ন স্ক’ৰৰ মেচখনত যুঁজ দিয়াৰ চেষ্টা কৰে যদিও সেয়া যথেষ্ট নহ’ল। অৱশেষত ইংলেণ্ডে চাৰিটা উইকেট হেৰুৱাই ১১অভাৰ আৰু চাৰিটা বল বাকী থকা অৱস্থাত বিজয় সাৱ্যস্ত কৰে।