খেল আৰম্ভ হোৱাৰ এঘণ্টা পূৰ্বে খেলুৱৈ কোভিড প’জিটিভ; বাতিল ইংলেণ্ড-দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথমখন এদিনীয়া

সমগ্ৰ বিশ্বৰ লগতে ক্ৰীড়া জগততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে।

ক’ৰ’নাৰ সংক্ৰমণৰ কাৰণে ইংলেণ্ড ক্ৰিকেট বোৰ্ড আৰু দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ডে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া খেল পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আজি দক্ষিণ আফ্ৰিকাৰ কেপটাউনত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল আৰম্ভ হোৱাৰ এঘণ্টাৰ পূৰ্বে বাতিল কৰা হয়।

দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ এগৰাকী ক্ৰিকেটাৰ খেলৰ পূৰ্বে কোভিড প’জিটিভ হোৱা বাবে খেলখন বাহিল কৰা হয়।

খেলৰ পূৰ্বে কৰা ক’ৰ’নাৰ পৰীক্ষাত দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ গৰাকী প’জিটিভ হয়।

অৱশ্যে এতিয়ালৈ দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ডৰ তৰফৰ পৰা কোভিড প’জিটিভ হোৱা খেলুৱৈ গৰাকীৰ নাম প্ৰকাশ কৰা নায়।

উল্লেখযোগ্য যে, নিউজিলেণ্ডত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত অংশলোৱাৰ উদ্দেশ্যে যোৱা পাকিস্তান ক্ৰিকেট দলৰ আঠগৰাকী সদস্য কোভিড প’জিটিভ হোৱাৰ পাছত পাকিস্তান আৰু নিউজলেণ্ডৰ মাজৰ ক্ৰিকেট শৃংখলাৰ ক্ষেত্ৰতো অনিশ্চয়তাই দেখা দিছিল।

আনহাতে, অষ্ট্ৰেলিয়াত বিবিএলত অংশলোৱাৰ বাবে যোৱা আফগানিস্তানৰ ক্ৰিকেটাৰ মুজিবুৰ ৰহমানৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

কোৱাৰেণ্টাইনত থকা সময়ত মুজিবৰ শৰীৰত ক’ৰ’নাৰ লক্ষণে দেখা দিয়ে আৰু পৰীক্ষাত তেওঁ কোভিড প’জিটিভ হোৱাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।