এমষ্টেলভিনত ৰানৰ জোৱাৰ: ক্ৰিকেট ইতিহাসত নতুন অভিলেখ স্থাপন কৰিলে ইংলেণ্ডে

Highest Run in ODI World Record

ক্ৰিকেট মানেই অভিলেখৰ সমাহাৰ। এখন ক্ৰিকেট মেচত নিতৌ গঢ় লয় নিত্য নতুন অভিলেখে। সৃষ্টি হয় নতুন নতুন সম্ভাৱনাৰ। এই ক্ৰিকেটীয় সংজ্ঞাকে অক্ষুণ্ণ ৰাখি আজি ইংলেণ্ড ক্ৰিকেট দলে ক্ৰিকেট ইতিহাসত এক অভিনৱ অভিলেখ স্থাপন কৰিছে।

আজি ধুমুহাৰ গতিৰে খেলপথাৰত তাণ্ডৱ সৃষ্টি কৰি ইংলেণ্ডে আজি এমষ্টেলভিনত গঢ়িলে এক অনাকাংক্ষিত ৰেকৰ্ড। ভংগ কৰিলে নিজৰেই পূৰ্ব অভিলেখ। নেডাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত আজি দ্বিপাক্ষিক এদিনীয়া শৃংখলাৰ ন্ৰথমখন মেচত আজি ইংলেণ্ডে ৪৯৮ ৰানৰ এক বিশাল ইনিংছ সংগ্ৰহ কৰি ক্ৰিকেট ইতিহাসত এক নতুন অভিলেখ স্থাপন কৰিছে। নেডাৰলেণ্ডৰ বলিং আক্ৰমণক দিশহাৰা কৰি ইংৰাজ বাহিনীয়ে প্ৰদৰ্শন কৰিলে অসাধাৰণ ক্ৰিকেটীয় শৈলী।

ইংলেণ্ডৰ এই বিশাল স্ক’ৰৰ মূলতে আছিল দলটোৰ বেটিং ক্ৰমৰ অভূতপূৰ্ব বেটিং বিক্ৰম। নেডাৰলেণ্ডৰ বলিং বিভাগক তচনচ কৰি দলটোৰ তিনিগৰাকী বেটাৰে সংগ্ৰহ কৰিলে শতক।

দলৰ অপেনিং বেটাৰ ফিলিপ ছল্ট, ডেৱিড মালান আৰু জ’ছ বাটলাৰে মাৰমুখী বেটিঙেৰে শতকীয় ইনিংছ খেলাৰ লগতে শেষলৈ লিয়াম লিভিংষ্ট’নে তড়িৎ গতিত ৰান সংগ্ৰহ কৰাৰ সুবাদত ইংলেণ্ডে ৪৯৮ ৰানৰ বিশাল স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়।

এইদৰে ইংলেণ্ডে ভংগ কৰে এদিনীয়া ক্ৰিকেটত নিজৰেই পূৰ্বৰ বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে ইংলেণ্ডে ২০১৮ চনত ট্ৰেণ্ট ব্ৰিজত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৮১ ৰান সংগ্ৰহ কৰি এদিনীয়াত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছিল। আজিৰ ইংলেণ্ডৰ ৰান সংখ্যাই এই সীমা অতিক্ৰম কৰি নতুন ৰেকৰ্ড সৃষ্টি কৰে।

অৱশ্যে ইংলেণ্ডৰ আৰম্ভণি সন্তোষজনক নাছিল। খেলৰ দ্বিতীয় অভাৰৰ তৃতীয় বলত দলীয় স্ক’ৰ ১ ৰানতে দলে হেৰুৱাইছিল অপেনাৰ জেছন ৰয়ৰ উইকেট। কিন্তু তাৰ পাছতেই আৰম্ভ হয় ইংৰাজ বাহিনীৰ বেটিং বিক্ৰম। দ্বিতীয় উইকেটৰ যুটিত আনজন অপেনাৰ ছল্ট আৰু মালানে ২২২ ৰান সংগ্ৰহ কৰি এক বৃহৎ স্ক’ৰৰ ভেঁটি গঢ়ি তোলে।

ব্যক্তিগত ১২২ ৰানত ছল্টে বিদায় লোৱাৰ পিছত ক্ৰীজলৈ অহা বাটলাৰৰ সৈতে মালানে দলীয় স্ক’ৰ ৪০০ ৰ সীমা অতিক্ৰম কৰায়। মালানে সংগ্ৰহ কৰে ১২৫ ৰান। অৱশ্যে ব্যৰ্থ হয় অধিনায়ক এয়ইন মৰ্গান। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে প্ৰথমটো বলতে পেভিলিয়নমুখী হয় অধিনায়কগৰাকী।

ইয়াৰ পিছত আৰু হানি বিঘিনি নঘটিল ইংলেণ্ড শিবিৰত। মাৰমুখী বেপিঙেৰে খৰতকীয়াকৈ ৰান সংগ্ৰহ কৰি বাটলাৰ আৰু লিভিংষ্ট’নে অন্তিম পাঁচ অভাৰত ৯১ ৰান যোগ দি ৪৯৮ ৰানৰ বিশাল স্ক’ৰ গঢ়ি তোলে।

ইংলেণ্ডৰ ইনিংছত আটাইতকৈ বিধ্বংসী হৈ পৰে জ’ছ বাটলাৰ। মাত্ৰ ৭০ টা বলত ১৪ টা ছয় আৰু ৭ টা চাৰিৰে ১৬২ ৰান সংগ্ৰহেৰে অপৰাজিত থাকে বাটলাৰ। মাত্ৰ ৪৭ টা বলতে শতক অৰ্জন কৰি বাটলাৰে ইংলেণ্ডৰ হৈ এদিনীয়াত দ্বিতীয় দ্ৰুততম শতকৰ অভিলেখ গঢ়ে।

এনে বিধ্বংসী বেটিং বিক্ৰমেৰে ইংলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৪ উইকেটৰ বিনিময়ত ৪৯৮ ৰান সংগ্ৰহ কৰে। দলটোৱে সমগ্ৰ ইনিংছটোত মুঠতে ২৫ টা ছয় আৰু ৩৬ টা চাৰি কোবায়।

ইফালে এই বিশাল স্ক’ৰৰ অনুসৰণ কৰি বিপৰ্যয়ত পৰিছে নেডাৰলেণ্ড। এইপৰ্যন্ত দলটোৱে ৩৭ অভাৰত ১৮২ ৰানতে হেৰুৱাইছে ৬ টা উইকেট। পৰাজয়ৰ পৰা হাত সাৰিবলৈ নেডাৰলেণ্ডক এতিয়াও প্ৰয়োজন ৩১৭ ৰানৰ। এনে অৱস্থাত দলটোৰ বাবে এই লক্ষ্য অসাধাৰণ যেনেই হৈ পৰিছে।