ইলন মাস্কৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন টুইটাৰ কৰ্মীৰ; প্ৰাক্তন চিইঅ’ পৰাগে বিচাৰিছে ১২ কোটি ডলাৰ

টুইটাৰৰ প্ৰাক্তন চিইঅ’ পৰাগ আগৰৱালা আৰু বৰ্তমান টুইটাৰৰ (এক্স) মালিক ইলন মাস্ক।

টুইটাৰৰ মুৰব্বী ইলন মাস্ক ভয়াৱহ সংকটত পৰিছে! কোম্পানীটোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাৰ উপৰিও দুজন শীৰ্ষ কাৰ্যবাহীয়ে তেওঁৰ বিৰুদ্ধে ‘পাবলগীয়া ধন’ বিচাৰি গোচৰ ৰুজু কৰিছে। টুইটাৰৰ প্ৰাক্তন কাৰ্যবাহীসকলে দাবী কৰিছে যে তেওঁলোকক কোম্পানীটোৰ পৰা অবৈধভাৱে বৰ্খাস্ত কৰা হৈছিল। পৰাগে মাস্কৰ পৰা ১২ কোটি ডলাৰ দাবী কৰি গোচৰ তৰিছে।

টুইটাৰ ক্ৰয় কৰাৰ কিছু সময়ৰ পিছতে ইলন মাস্কে কোম্পানীটোৰ তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাকে ধৰি কেইবাজনো শীৰ্ষ কাৰ্যবাহীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। পৰাগকে ধৰি অপসাৰিত বিষয়াসকল আদালতলৈ গ’ল।

লগতে পঢ়কঃ দেশৰ সকলো হাস্পাতালতে চিকিৎসা ব্যয় সমান কৰা হওক; কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি, পৰাগ আৰু তেওঁৰ সহযোগীয়ে নিয়োগ সম্পৰ্কীয় গোচৰ, তদন্ত আৰু তদন্তৰ খৰচৰ পৰিশোধ বিচাৰিছে। তেওঁলোকে দাবী কৰে যে টুইটাৰে তেওঁলোকক ১২ কোটি ডলাৰ ঘূৰাই দিবলৈ আইনগতভাৱে বাধ্য।

উল্লেখ্য যে যোৱা বছৰৰ এপ্ৰিল মাহত ইলন মাস্কে ৪ হাজাৰ ৪ শ কোটি ডলাৰ খৰচ কৰি টুইটাৰ ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু মাস্কে এই চুক্তিৰ পৰা আঁতৰি আহি দাবী কৰে যে টুইটাৰে ভুৱা একাউণ্ট বন্ধ কৰিবলৈ পৰ্যাপ্ত কাম কৰা নাই। কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাই থাকে। ইয়াৰ পিছতে আৰম্ভ হয় আইনী যুঁজ। মাস্কে টুইটাৰ কিনিব পাৰিব নে নোৱাৰে তাকলৈও সন্দেহৰ সৃষ্টি হৈছিল।

টুইটাৰ ক্ৰয়ৰ চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত কোম্পানীটোৰ প্ৰায় ৭৫ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰে মাস্কে। তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাকে ধৰি আনসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

লগতে পঢ়কঃ দেশৰ সকলো হাস্পাতালতে চিকিৎসা ব্যয় সমান কৰা হওক; কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

মাস্কৰ বিৰুদ্ধে অভিযোগ যে কোম্পানীটো অধিগ্ৰহণ কৰাৰ পিছতো কোম্পানীটোৰ বহুত ঋণ আছে। যিটো তেওঁ এতিয়াও পৰিশোধ কৰা নাই। এইবাৰ কোম্পানীটোৰ তিনিজন প্ৰাক্তন কাৰ্যবাহীয়ে সৰৱ হৈ পৰিছে। তেওঁলোকৰ দাবী, টুইটাৰে তেওঁলোকৰ ধন ঘূৰাই দিবলৈ চুক্তিবদ্ধ। ইলনে নিজৰ ইচ্ছামতে সিদ্ধান্ত ল’ব নোৱাৰে। তেওঁ চুক্তিখন মানি চলিবই লাগিব।