NORTHEAST NOW (Assamese)

বাজেটৰ পূৰ্বে ইপিএফঅ’ৰ সুতৰ হাৰ বৃদ্ধি; বিত্ত মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত

July 12, 2024 8:31 am · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে বাজেটৰ পূৰ্বে কৰিছে এক ডাঙৰ ঘোষণা।এম্পল’ইছ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচন বা ইপিএফঅ’ৰ সুতৰ হাৰ বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে পিএফৰ সুতৰ হাৰ আছিল ৮.১৫ শতাংশ। এইবাৰ ০.১০ শতাংশ বৃদ্ধি পাই ৮.২৫ শতাংশ হৈছে। ফলত ৭.৫ কোটি ইপিএফঅ’ৰ সদস্য লাভৱান হ’ব। চলিত বৰ্ষৰ আৰম্ভণিতে ইপিএফঅ’ই এই সুতৰ হাৰ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। এইবাৰ বিত্ত মন্ত্ৰালয়ে দিলে চূড়ান্ত
মোহৰ।

ইপিএফঅ’ই টুইটাৰত পোষ্ট কৰি এই খবৰ ঘোষণা কৰে। সংস্থাটোৰ মতে, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে গ্ৰাহকে ৮.২৫ শতাংশ হাৰত সুত লাভ কৰিব।

ইয়াৰ পূৰ্বে ইপিএফঅ’ই অগ্ৰিম ধন উলিওৱাৰ উচ্চ সীমা সলনি কৰিছিল। ইয়াৰ পূৰ্বে ইপিএফঅ’ একাউণ্টৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত অগ্ৰিম ধন উলিয়াব পৰা গৈছিল। এতিয়া ১ লাখ টকালৈ বৃদ্ধি পাইছে। আৰু এতিয়া মাত্ৰ তিনিদিনতে হিচাপ নিষ্পত্তি হয়। বাজেটৰ পূৰ্বে এই ঘোষণাত ইপিএফঅ’ৰ সদস্যসকল সুখী।

ইপিএফ সেৱা কি?

ইপিএফঅ’ৰ গ্ৰাহকসকলে প্ৰতিমাহে তেওঁলোকৰ আয়ৰ ১২ শতাংশ প্ৰভিডেণ্ট ফাণ্ডত অৱদান আগবঢ়ায়। গ্ৰাহকৰ হৈ তেওঁৰ নিয়োগকৰ্তাই পি এফ খণ্ডত আৰু ১২ শতাংশ বৰঙণি আগবঢ়ায়। ইয়াৰ পিছত সেই মুঠৰ ৮.৩৩ শতাংশ গ্ৰাহকৰ কৰ্মচাৰী পেঞ্চন আঁচনি (ইপিএছ)লৈ আৰু বাকী ৩.৬৭ শতাংশ তেওঁৰ ইপিএফ একাউণ্টলৈ যায়। তথ্য অনুসৰি দেশত সক্ৰিয় পি এফ গ্ৰাহকৰ সংখ্যা প্ৰায় ৭.৫ কোটি।

Related News