মধ্যবিত্তৰ মূৰত মাধমাৰ! ইপিএফঅ’-ই হ্ৰাস কৰিলে সুতৰ হাৰ; চাৰি দশকৰ ভিতৰত সৰ্বনিম্ন

EPFO interest Cut

কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন(ই পি এফ অ’)য়ে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে সুতৰ হাৰ হ্ৰাস কৰিছে। এই সুতৰ হাৰ পূৰ্বৰ ৮.৫শতাংশৰ পৰা ৮.১শতাংশলৈ হ্ৰাস কৰা হৈছে। বিগত ৪৪ বছৰৰ ভিতৰত এয়া হৈছে সৰ্বনিম্ন।

যোৱা ১১ আৰু ১২ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত ইপিএফঅ’ বোৰ্ডৰ বৈঠকত  প্ৰভিডেন্ট ফাণ্ডৰ সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে সমাজ সচেতন অৰ্থনীতিবিদ সকলে ইয়াৰ সমালোচনা কৰিছে। তেওঁলোকৰ মতে এয়া ঠিক হোৱা নাই। ইয়াৰ ফলত সাধাৰণ মানুহৰ সমস্যা বাঢ়িব। আন দেশত সামাজিক নিৰাপত্তা আছে, আমাৰ দেশত নাই। সেয়ে, ই পি এফ অ’ বা এনেধৰণৰ পুঁজিত অলপ অধিক সুততো দিবই লাগিব। অন্যথা সাধাৰণ মানুহ ক’লৈ যাব? এয়া বিপদজনক পদক্ষেপ।

লগতে পঢ়ক: অভিলেখ! এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে চৌদি আৰৱে

ইপিএফঅ’ৰ সুত হ্ৰাস কৰাৰ ফলত ৬ কোটি বেতনভোগী কৰ্মচাৰী ভীষণ সমস্যাত পৰিব। যিসকলে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ ওপৰত প্ৰত্যক্ষভাৱে ইয়াৰ প্ৰভাৱ পৰিব।  

আন একাংশৰ মতে এয়া চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ উপহাৰ। বিজেপিক জয়ী কৰাৰ উপহাৰ। স্বাভাৱিকতে এয়া কেন্দ্ৰীয় চৰকাৰৰ জন বিৰোধী নীতিৰ প্ৰতিফলন। মধ্যবিত্ত শ্ৰেণীক সমস্যাৰ মাজত ঠেলি দিয়াৰ পদক্ষেপ।

উল্লেখ্য যে ২০১৯-২০ বিত্তীয় বৰ্ষত ইপিএফঅ’-ৰ সুতৰ হাৰ ২০১২-১৩ বিত্তীয় বৰ্ষৰ পিছত সৰ্বনিম্ন আছিল। তেতিয়া পিএফৰ সুতৰ হাৰ ৮.৫শতাংশলৈ  হ্ৰাস কৰা হৈছিল।

লগতে পঢ়ক: ভাৰতীয় পেচাৰৰ ধুমুহাত বিপৰ্যস্ত শ্ৰীলংকা; দ্বিতীয় টেষ্টৰ প্ৰথম দিনাই চালকৰ আসনত ভাৰত

ইয়াৰ পূৰ্বে ২০১৬-১৭ বিত্তীয় বৰ্ষত ৮.৬৫শতাংশ হাৰত আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত ৮.৫৫শতাংশ হাৰত সুত প্ৰদান কৰা হৈছিল। সেইদৰে, ২০১৫-১৬ বিত্তীয় বৰ্ষত ইপিএফঅ’-ই ইয়াৰ গ্ৰাহকক ৮.৮শতাংশ সুত প্ৰদান কৰিছিল।