PFএকাউন্ট থকাসকলে শীঘ্ৰে লাভ কৰিব ডাঙৰ খৱৰ! বীমাত লাভ কৰিব অধিক ধন
কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন (EPFO)ৰ ছয় কোটিতকৈয়ো অধিক অংশীদাৰীয়ে শীঘ্ৰেই ডাঙৰ খৱৰ লাভ কৰাৰ সম্ভাৱনা আছে।
পি এফ একাউন্টৰ ওপৰত লাভ কৰিবলগীয়া বীমাৰ ধনৰ পৰিমান সোনকালেই বৃদ্ধি হ’ব।
ইপিএফঅ’ৰ চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টীয়ে লিংক বীমা আঁচনি, ১৯৭৬ৰ সংশোধনত অনুমোদন জনাইছে।
বৰ্তমান ইপিএফ একাউন্টৰ গৰাকীয়ে ছয় লাখ টকাৰ বীমা লাভ কৰে। ইয়াত এক লাখ টকাৰ বৃদ্ধি পাব। ইয়াৰ ফলত এই বীমাৰ ধনৰ পৰিমান সাত লাখ টকালৈকে বৃদ্ধি পাব।
যদি কোনো একাউন্টৰ গৰাকীৰ চাকৰি কৰি থকা সময়ত মৃত্যু হয় তেতিয়া তেওঁৰ পৰিয়ালে এই বীমাৰ ধন লাভ কৰিব।
শীঘ্ৰেই এই প্ৰস্তাৱ বিত্ত মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব আৰু মন্ত্ৰ্যালয়ৰ পৰা সেউজ সংকেত পোৱাৰ পাছতে জাননী জাৰি কৰা হ’ব।
চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টীয়ে কেন্দ্ৰীয় চৰকাৰক ৮.৫০শতাংশ সুতৰ হাৰ ৰখাৰ পৰামৰ্শ আগবঢ়াইছে।
ইয়াৰ ভিতৰত ২০২০ৰ ৩১ ডিচেম্বৰলৈকে একচেঞ্জ ট্ৰেডেড ফাণ্ড(ই টি এফ) আৰু ঋণ আয়ৰ ৮.১৫শতাংশ তথা অন্তিম ০.৩৫ শতাংশ জমাকৃত লাভ অন্তৰ্ভুক্ত হ’ব।
উল্লেখ্য যে ইপিএফঅ’ৰ হাতত পুঁজি নথকাৰ বাবে ইয়াৰ অংশীদাৰীসকলক সুত আদায় দিব পৰা নাই। বাতৰি অনুসৰি, একচেঞ্জ ট্ৰেডেড ফাণ্ডৰ জৰিয়তে বিগত পাঁচ বছৰত কৰা বিনিয়োগৰ ফলাফল নেতিবাচক আছিল।
প্ৰকৃততে, ইপিএফঅ’ই ইয়াৰ বছৰি জমা হোৱা ধনৰ ৮৫শতাংশ অংশ বণ্ডছ, ডিবেন্সাৰ আদি ইকুইটি বজাৰত বিনিয়োগ কৰে। শ্বেয়াৰ বজাৰৰ দৰে সম্পৰ্কিত এই ইকুইটি বিনিয়োগত ৰিস্ক থাকে যদিও ভাল লাভ হয়।
চলিত বৰ্ষত কৰ’নাৰ সংক্ৰমণৰ পৰিস্থিতিৰ বাবে ইকুইটি বিনিয়োগৰ ফলাফল বহুত নিৰাশাজনক হয়।