NORTHEAST NOW (Assamese)

জাঁজী নদীৰ খহনীয়াই ভাবুকি মাতিছে মথাউৰিলৈ ,শংকিত নদীপৰীয়া ৰাইজ

May 29, 2021 2:33 pm · নিৰ্মলেন্দু পাঠক

জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ ফল আগন্তুক বাৰিষা সময়ছোৱাত ভোগ কৰিব লাগিব যোৰহাট জিলাৰ টীয়কৰ বনাই চাপৰিচুক অঞ্চলৰ ৰাইজে ।

উক্ত স্থানত জাঁজী নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি মথাউৰিটোৰ প্ৰতি ভাবুকি নমাই আনিছে ।

বিগত বছৰৰ বাৰিষা নদীৰ বাঢ়নী পানীয়ে মথাউৰিটোৰ প্ৰতি নমাই অনা ভাবুকিৰ বাবে অঞ্চল বাসীয়ে উজাগৰী নিশা মথাউৰিৰ ওপৰত কটাব লগা হৈছিল ।

বৰ্তমান নদীখন মথাউৰিৰ গাতে লাগি যোৱাত আগন্তুক বাৰিষাৰ সময়ছোৱা পুনৰ দুৰ্যোগৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে ।

ৰাইজে জাঁজী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ দাবী জনোৱাৰ পাছতো খৰালিৰ সময়ছোৱাত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জলসম্পদ বিভাগটোৱে।

Related News