DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ অন্য জিলাৰ দৰে শিৱসাগৰতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান : দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 29, 2021 2:30 pm
Sivasagar
325
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী।

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ নগৰ পৰিদৰ্শক জ্যোতিষ্মান নেওগে এক গোপন সূত্ৰৰ পম খেদি কৰায়ত্ত কৰে দুই ড্ৰাগছ সহবৰাহকাৰীক। নগৰৰ বি জি ৰোডৰ পৰা আটক কৰে এই দুই ড্ৰাগছ সহবৰাহকাৰীক।

আৰক্ষীয়ে এই দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা নগদ ধনসহ ১৫ টা হিৰ’ইনৰ কন্টেইনাৰ, দুটা মোবাইল ফোন আৰু এখন বুলেট জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা কোঁৱৰপুৰৰ চুমলুং লাহন আৰু নগৰৰ বি জি ৰোডৰ বুলবুল আলি ওৰফে ভাটাআমৰ ঘৰৰত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলায় হিৰ’ইন থকা ৪৩ টা প্লাষ্টিকৰ বটল উদ্ধাৰ কৰে।

হিৰ’ইন থকা প্ৰতিটো কন্টেইনাৰ দুই-তিনি হাজাৰ টকাত বিক্ৰী কৰা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাই।

ইপিনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে শিৱসাগৰত অভিযান তীব্ৰ হ’ব বুলি আজি শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে ঘোষণা কৰে। আটক কৰা সকলো ড্ৰাগছ মাফিয়াৰ দীৰ্ঘ সময় কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।

জনসাধাৰণে এনে ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্য পালে লগে লগে শিৱসাগৰ আৰক্ষীক জনাবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে বহু দিনৰ পৰা শিৱসাগৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্তৰ ঘাটি হিচাপে পৰিগণিত হৈছে। পূৰ্বে বহু কেইটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছিল যদিও আইনৰ সুৰুঙাৰ গইনা লৈ কেইদিনমানৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহে আৰু পুনৰ এই ব্যৱসায়ত লাগি যায়।

আজিৰ পৰা প্ৰায় তিনিদিন মানৰ আগত ৰাতি শিৱসাগৰ আৰক্ষীয়ে নগৰৰ বাবুপট্টিৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল যদিও পিছদিনা তেওঁক মুকলি কৰি দিয়াৰ এক গুৰুত্ব আভিযোগ কৰিছে একাংশ সচেতন ব্যক্তিয়ে।

আৰক্ষীয়ে যদি এইদৰে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ পিছত পুনৰ মুকলি কৰি দিয়ে তেন্তে শিৱসাগৰখনক কেনেকৈ ড্ৰাগছ মুক্ত কৰিব বুলি প্ৰশ্ন কৰিছে এইসকল সমাজ সচেতন ব্যক্তিয়ে।

নতুনকৈ কাৰ্যভাৰ লোৱা শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনক এই ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে শিৱসাগৰবাসীয়ে।

Recent News

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd