NORTHEAST NOW (Assamese)

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

July 15, 2025 2:40 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় সংস্থা ‘ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ’ই খুচুৰা বজাৰত ঔষধৰ মূল্য নিৰ্ধাৰণ কৰে। এই এজেন্সীয়ে নিয়মীয়াকৈ ঔষধ নিৰ্মাণ কোম্পানীত ঔষধৰ দাম নিৰ্ধাৰণ কৰে। এই সংস্থাটোৱে ইয়াৰ পূৰ্বেও বহুবাৰ ঔষধৰ দাম বৃদ্ধিৰ অনুমতি প্ৰদান কৰে।

কেন্সাৰ, ডায়েবেটিছকে ধৰি ৭১টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গেজেট অধিসূচনা জাৰি কৰি এই সিদ্ধান্ত ঘোষণা কৰিছে। ঔষধৰ দাম নিয়ন্ত্ৰণ কৰা কেন্দ্ৰীয় সংস্থা ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি’(এন পি পি এ)য়ে এই মূল্য নিৰ্ধাৰণ কৰিছে। এই তালিকাত মেটাষ্টেটিক স্তন কেন্সাৰ আৰু গেষ্ট্ৰিক কেন্সাৰৰ ঔষধো অন্তৰ্ভুক্ত কৰা হৈছে। কিছুমান ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী কৰা হৈছে।

ৰিলায়েন্স লাইফ চাইন্সেছে প্ৰস্তুত কৰা ‘ট্ৰাষ্টুজুমেব’ ঔষধ মেটাষ্টেটিক স্তন কেন্সাৰ আৰু গেষ্ট্ৰিক কেন্সাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। গেজেট অধিসূচনা অনুসৰি প্ৰতিটো ফাইলৰ ঔষধৰ খুচুৰা মূল্য ১১,৯৬৬ টকা। টৰেণ্ট ফাৰ্মাচিউটিকেলছৰ দ্বাৰা নিৰ্মিত এই ঔষধ পেপটিক আলচাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ক্ল’ৰিথ্ৰ’মাইচিন, ইছ’মেপ্ৰাজ’ল আৰু এমোক্সিচিলিনৰ মিশ্ৰণেৰে তৈয়াৰী এই ঔষধৰ প্ৰতিটো টেবলেটৰ মূল্য ১৬২.৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ উপৰিও কিছুমান কোম্পানীয়ে প্ৰস্তুত কৰা ২৫ টা এন্টি ডায়েবেটিক ঔষধৰ মূল্যও নিৰ্ধাৰণ কৰা হৈছে। একাংশ কোম্পানীৰ পেৰাচিটামল ঔষধৰ মূল্যও নিৰ্ধাৰণ কৰা হৈছে। যোৱা ৪ জুলাইত এটা গেজেট অধিসূচনা প্ৰকাশ কৰা হৈছিল য’ত উল্লেখ কৰা হৈছিল যে ২০১৩ চনৰ মূল্য নিয়ন্ত্ৰণ নিয়ম অনুসৰি এই ঔষধসমূহৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত দেশত ৭৪৮ টা অত্যাৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছিল। কেন্দ্ৰীয় সংস্থাটোৱে পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত এই ঔষধসমূহৰ মূল্য ‘এম আৰ পি’তকৈ ১.৭৪ শতাংশ বৃদ্ধিৰ বাবে সেউজ সংকেত দিছিল। এই তালিকাত পেৰাচিটামল, কাহ,বাতবিষ, কৃমি, ৰক্তচাপ নিয়ন্ত্ৰণ, টোপনি, ভিটামিন, কোষ্ঠকাঠিন্য আদি সাধাৰণ ৰোগৰ ঔষধৰ লগতে গুৰুত্বপূৰ্ণ এন্টিবায়টিককে ধৰি বিভিন্ন ৰোগৰ টেবলেট আৰু বেজীও সন্নিবিষ্ট কৰা হৈছিল।

ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত কেঁচামালৰ মূল্য বৃদ্ধিৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে হাঁপানী, গ্ল’ক’মা, থেলাছেমিয়া, যক্ষ্মা আৰু মানসিক ৰোগৰ ঔষধকে ধৰি আঠটা প্ৰয়োজনীয় ঔষধৰ মূল্য কমেও ৫০ শতাংশ বা তাতকৈ অধিক বৃদ্ধিৰ অনুমোদন জনাইছিল।

Related News