• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2025 1:37 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু অপেক্ষাৰ অন্তত অৱশেষত ভাৰতৰ বজাৰত প্ৰৱেশ কৰিলে টেছলা মডেল ৱাই (Tesla Model Y)। বিশ্ববিখ্যাত ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই নিজৰ আটাইতকৈ জনপ্ৰিয় এছ ইউ ভি মডেলৰ জৰিয়তে দেশৰ বজাৰত আত্মপ্ৰকাশ কৰিছে।

মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বিকেচি)ত টেছলাৰ প্ৰথমটো ডিলাৰশ্বিপ মুকলি কৰা হৈছে আৰু তাৰ পৰাই বিক্ৰী আৰম্ভ হৈছে। প্ৰিমিয়াম ইলেক্ট্ৰিক গাড়ী মডেল ৱাইৰ মূল্য ৫৯.৮৯ লাখ টকাৰ (এক্স-শ্ব’ৰুম, মুম্বাই) পৰা আৰম্ভ হৈছে।

Apply Now

ভাৰতীয় বজাৰত টেছলা মডেল ৱাই দুটা ভেৰিয়েন্টত উপলব্ধ হ’ব – ৰিয়াৰ-হুইল ড্ৰাইভ (আৰ ডব্লিউ ডি) আৰু লং ৰেঞ্জ আৰ ডব্লিউ ডি। লং ৰেঞ্জ আৰ ডব্লিউ ডি সংস্কৰণৰ মূল্য হৈছে ৮৭.৮৯ লাখ টকা (এক্স-শ্ব’ৰুম, মুম্বাই)। এই গাড়ীখনে টেছলাৰ প্ৰিমিয়াম ছেগমেণ্টত প্ৰৱেশৰ সূচনা কৰে, যিটো অনাগত দিনত দেশৰ ইভি বজাৰৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।

বহুতে ভাবিছিল যে এই টেছলা গাড়ীখন স্বয়ংচালিত হ’ব। এই প্ৰসংগত টেছলাই কয় যে এই গাড়ীখনত বৰ্তমান সম্পূৰ্ণ ছেল্ফ ড্ৰাইভিং প্ৰযুক্তি প্ৰদান কৰা নাই। অতিৰিক্ত ৬ লাখ টকা খৰচ কৰি ইয়াক সক্ৰিয় কৰিব পাৰি। কোম্পানীটোৰ

ৱেবছাইটত এইটোও উল্লেখ কৰা হৈছে যে বৰ্তমান আগবঢ়োৱা অটোমেটিক ফিচাৰসমূহৰ বাবে ড্ৰাইভাৰৰ সক্ৰিয় নিৰীক্ষণৰ প্ৰয়োজন। অৱশ্যে টেছলাৰ অভাৰ-দ্য-এয়াৰ আপডেটৰ জৰিয়তে এই প্ৰযুক্তিসমূহ ধাপে ধাপে উন্নত কৰা হ’ব।

টেছলা মডেল ৱাই ডিজাইনৰ ক্ষেত্ৰত অতি নূন্যতম আৰু আধুনিক। যদিও ই মূলতঃ মডেল ৩ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, ইয়াৰ এছ ইউ ভি ফৰ্ম ফেক্টৰৰ বাবে উচ্চতৰ ষ্টেন্স, পেনোৰামিক গ্লাছ ছাদ আৰু অধিক স্প’ৰ্টী কূপ লাইক চিলোৱাট আছে। গাড়ীখনৰ বাহিৰৰ ডিজাইন অতি পৰিষ্কাৰ, ফ্লাছ ডোৰ হেণ্ডেল, শ্লিম হেডলেম্প আৰু এৰোডাইনেমিক আকৃতিয়ে এই গাড়ীখনক প্ৰিমিয়াম লুক আৰু ব্যৱহাৰিক সুবিধা প্ৰদান কৰিছে।

ভাৰতত মডেল ৱাইৰ আৰ ডব্লিউ ডি সংস্কৰণত দুটা বেটাৰীৰ বিকল্প 60kWh  আৰু 75kWh । এটা বৈদ্যুতিক মটৰে প্ৰায় ২৯৫ হৰ্চপাৱাৰ উৎপাদন কৰিব। 60kWh  বেটাৰীৰ WLTP ৰেঞ্জ ৫০০ কিলোমিটাৰ, আৰু লং ৰেঞ্জ সংস্কৰণে ৬২২ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ প্ৰদান কৰিবলৈ সক্ষম। ০ৰ পৰা ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিবলৈ মাত্ৰ ৫.৯ ছেকেণ্ড সময় লাগিব। কেৱল সেয়াই নহয়, এই গাড়ীখনে ১৫ মিনিটৰ চাৰ্জত ২৩৮ৰ পৰা ২৬৭ কিলোমিটাৰ ৰেঞ্জ দিব পাৰে বুলি দাবী কৰা হৈছে।

মডেল ৱাই ৭টা এক্সটেৰিয়ৰ ৰং আৰু ২টা ইণ্টেৰিয়ৰ ট্ৰিমত উপলব্ধ হ’ব। সন্মুখত ১৫.৪ ইঞ্চি টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট ডিছপ্লে আৰু পিছফালে ৮ ইঞ্চি ডিছপ্লে, যিটো পিছফালৰ যাত্ৰীসকলৰ বাবে আছে। ইয়াৰ উপৰিও ইয়াত আছে পাৱাৰ এডজাষ্টেবল ফ্ৰন্ট চিট, ষ্টিয়াৰিং কলাম, ডুৱেল জ’ন অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল, ১৯ ইঞ্চিৰ ক্ৰছফ্ল’ হুইল, একাউষ্টিক গ্লাছ, ফিক্সড গ্লাছ ৰুফ আৰু পাৱাৰ ৰিয়াৰ লিফ্টগেট।

ভাৰতৰ প্ৰিমিয়াম ইলেক্ট্ৰিক বাহনৰ বজাৰত টেছলা মডেল ৱাইৰ আগমন নিঃসন্দেহে এক ডাঙৰ ঘটনা। সম্পূৰ্ণ স্বয়ংচালিত অভিজ্ঞতা লাভ কৰিবলৈ এতিয়াও সময় লাগিব যদিও টেছলাই ইতিমধ্যে প্ৰযুক্তি খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd