• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ নিকৰিঘাটত অত্যাধুনিক পৰ্যটন নিৱাস স্থাপনেৰে বিতাড়ন কৰিলে পৰিভ্ৰমী পক্ষী

পৰ্যটকৰ মনোৰঞ্জনৰ বাবে আৰম্ভ কৰা পেৰা গ্লাইডিঙে পৰিভ্ৰমী পক্ষীলৈ কঢ়িয়াই আনিছে অশনি সংকেত

উত্তম শইকীয়া by উত্তম শইকীয়া
January 2, 2019 1:40 pm
paragliding

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাৰ বুৰঞ্জী প্ৰসিদ্ধ এটা নদী বন্দৰৰ নাম নিকৰিঘাট। বছৰৰ বেছি ভাগ সময়তেই জাক জাক জলচৰ পক্ষীৰ কলৰৱত মুখৰিত হৈ থাকে নিকৰিঘাট আৰু ইয়াৰ সমীপৰ চাপৰিবোৰত। কিন্তু এতিয়া যেন এই পৰিভ্ৰমী চৰাইবোৰলৈ আহিছে অশনি সংকেত।

নিকৰিৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু পক্ষীৰ কাকলিয়ে হাতবাউল দি মতা এই অঞ্চলটোত শেহতীয়াকৈ পৰ্যটকসকলৰ মনোৰঞ্জনৰ বাবে স্থাপন কৰা হৈছে এক অত্যাধুনিক পৰ্যটন নিৱাস। নিকৰি কেম্প নামেৰ আৰম্ভ হোৱা এই পৰ্যটন নিৱাসটোৱে অদূৰদৰ্শীতাৰে আৰম্ভ কৰা পেৰা গ্লাইডিঙৰ ব্যৱস্থাই নিকৰিঘাট অঞ্চলত উমলি জামলি থকা পৰিভ্ৰমী চৰাই জাকবোৰৰ মাজত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে।

পেৰা গ্লাইডিঙৰ বাবে ব্যৱহাৰ কৰা পপেলাৰ আৰু মটৰৰ বিকট শব্দৰ লগতে আকাশত উৰা পেৰাচুতে এতিয়া নিকৰিঘাট এৰিবলৈ বাধ্য কৰিছে স্থানীয় প্ৰজাতিৰ লগতে দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ জাকবোৰক।

উল্লেখ্য যে শীত কালত নিকৰিঘাট অঞ্চললৈ চীন দেশৰ কিংহাই প্ৰদেশ আৰু লাডাখৰ পৰা অহা ধৃতৰাজ আৰু চাকৈচকোৱা চৰাইৰ লগতে স্থানীয় পৰিভ্ৰমী শৰালি,  বালিঘোঁৰা,  কনুৱা,  আকুহা বগ,  বেজিনেজীয়া আদি বিভিন্ন প্ৰজাতিৰ চৰাই আহি অঞ্চলটো মুখৰিত কৰি তোলে। আৰু প্ৰকৃতিৰ এই বিনন্দীয়া দৃশ্য উপভোগ কৰিবলৈ অঞ্চলটোলৈ শ শ পৰ্যটকৰ আগমণ ঘটা পৰিলক্ষিত হয়।

এইখিনিতে মন কৰিবলগীয়া কথা যে নিকৰিঘাটৰ উত্তৰ দিশে থকা ভক্তে চাপৰিৰ পৰা পশ্চিমলৈ প্ৰসাৰিত হৈ থকা কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাতো পেৰা গ্লাইডিঙৰ নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

ইফালে সময় থাকোতেই বন বিভাগ তথা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে অঞ্চলটোৰ পৰা পৰিভ্ৰমী চৰাইবোৰ চিৰদিনৰ বাবে নাইকীয়া হৈ যাব বুলি ক্ষেদ ব্যক্ত কৰিছে স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd