NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰী সোণোৱালক ভাৰতস্থিত ইষ্ট’নিয়াৰ ৰাষ্ট্ৰদূতৰ সাক্ষাৎ

October 29, 2018 6:12 pm · এন ই নাও নিউজ

ভাৰতস্থিত ইষ্ট’নিয়াৰ ৰাষ্ট্ৰদূত ৰিহো ক্ৰাভে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ত সাক্ষাৎ কৰি দুয়োখন ঠাইৰ পাৰস্পৰিক বিষয় সম্বলিত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

আলোচনাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে ক্ৰমবৰ্দ্ধমান চাইবাৰ ক্ৰাইম ৰোধ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনোৱাৰ উপৰি দেশখনৰ বিনিয়োগকাৰী সকলক ৰাজ্যখনত বিনিয়োগৰ বাবে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।

ৰাষ্ট্ৰদূত গৰাকীয়ে চাইবাৰ অপৰাধ সমূহ ৰোধ কৰাৰ দিশত দেশখনে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰাৰ লগতে তেওঁৰ দেশৰ বিনিয়োগকাৰীসকলে অসমত বিনিয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়।

আজিৰ উক্ত সাক্ষাৎ কালত মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াও উপস্থিত থাকে।

Related News