• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা নেত্ৰী বেবী মৰাণে ঘূৰাই পাইছে মানসিক সুস্থিৰতা; একালৰ সতীৰ্থ জিতেন দত্তই লৈছিল আগভাগ

ভুটানৰ অল ক্লিয়েৰ অপাৰেইশন্যৰ পিছতে নামিছিল বিপৰ্য্যয়; বিপ্লৱৰ মজিয়াৰ পৰা মানসিক ভাৰসাম্য হেৰুৱাই হৈছিলগৈ ফুটপাথৰ বাসিন্দা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2018 4:51 pm
BabyMoran_Joint

বেবী মৰাণৰ আগৰ (সোঁফালে) আৰু এতিয়াৰ ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুলেই হওক শুদ্ধই হওক, জাতিটোৰ স্বাৰ্থত, স্বাধীন অসমৰ স্বপ্নত সশস্ত্ৰ বিদ্ৰোহৰ পথ বাছি লোৱা এগৰাকী নাৰী। নাম তেওঁৰ বেবী মৰাণ। ঘটনাৰ পাকচক্ৰত পৰৱৰ্তী এসময়ত তেওঁৰ জীৱন অভাৱনীয় বিপৰ্য্যয়ৰ গৰাহত পৰে। বৰ্ণনাতীতভাৱে কৰুণ গাঁথাত পৰিণত হয় তেওঁৰ জীৱন। মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা বেবী মৰাণ হৈ পৰে ‘পাগলী’।

কিন্তু কেইজনমান প্ৰাক্তন সতীৰ্থ, কেইজনমান সদাশয় ব্যক্তি আৰু নাজিৰাৰ ‘মানৱ কল্যাণ সমাজ’ৰ মানৱীয় চেষ্টাত প্ৰায় এবছৰৰ পিছত বেবী মৰাণে এতিয়া পুনৰ জীৱন ঘূৰাই পাইছে।

Apply Now

উল্লেখযোগ্য যে বেবী মৰাণ আছিল এসময়ৰ আলফাৰ নেত্ৰী তথা আলফাৰ কেপ্টেইন প্ৰয়াত দীনেশ বৰুৱাৰ পত্নী। ভুটানৰ অল ক্লিয়েৰ অপাৰেইশ্যনৰ পিছতে তেওঁৰ স্বামী দীনেশ বৰুৱাৰ সৈতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল। তাৰ পিছতে দুয়োজন ডিব্ৰুগড়ৰ কাৰাগাৰত ভালেমান দিন অতিবাহিত কৰে। পিছত কাৰাগাৰৰ পৰা ওলায় যদিও ৰোগাক্ৰান্ত কেপ্টেইন দীনেশ বৰুৱাৰ মৃত্যু হয়।

স্বামীৰ মৃত্যুৰ পিছতে লাহে লাহে মানসিকভাৱে ভাগি পৰে বেবী মৰাণ ওৰফে অম্বিকা বৰুৱা। তেওঁ স্বামীগৃহ ত্যাগ কৰি ডিব্ৰুগড় চহৰৰ কিছু নিলগত থকা তিতা ডিমৰু মৰাণচুক গাৱঁৰ পিতৃগৃহলৈ গুচি যায়। তাৰ পিছতে ক্ৰমে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু এক প্ৰকাৰৰ বাটে-পথে ঘূৰি ফুৰিবলৈ ধৰে।

কিন্তু আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিকৰ বিজিত দত্ত নামৰ সদস্য এজনে তেওঁৰ জীৱন কাহিনী ফটোৰ সৈতে ফেচবুক পোষ্টৰ জৰিয়তে পোষ্ট কৰাত কথাটো পোহৰলৈ আহে।

BabyMoran_JitenDutta
২০১৭ চনৰ নৱেম্বৰৰ এটা দিনত সতীৰ্থৰ সৈতে জিতেন দত্ত বেবী মৰাণৰ পিতৃগৃহলৈ যোৱাৰ দৃশ্য।

 

ইয়াৰ পিছতে তাৎক্ষণিকভাৱে আলোচনাপন্থী নেতা জিতেন দত্তই আগভাগ লৈ আলফা নেত্ৰীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰোৱায়। তেওঁ সদলবলে বেবী মৰাণৰ পিতৃগৃহত উপস্থিত হয়গৈ আৰু নাজিৰাস্থিত মানৱ কল্যাণ সমাজ (এইচ্ছ ডব্লিউ এছ)ৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ তাত ৰাখি চিকিৎসাৰ যাৱতীয় ব্যৱস্থা কৰিছিল। আজি প্ৰায় এবছৰৰ ধৰি চিকিৎসা আৰু পৰিচৰ্য্যা কৰাৰ অন্তত নাজিৰাৰ মানৱ কল্যাণ সমাজ (এইচ্ছ ডব্লিউ এছ)-এ জানিবলৈ দিছে যে বেবী মৰাণ প্ৰায় সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু দুই এদিনতে তেওঁক পিতৃগৃহলৈ প্ৰেৰণ কৰাৰ কথা চিন্তা কৰা হৈছে।

উল্লেখযোগ্য যে আলফা নেতা জিতেন দত্তৰ উপৰি আন বিভিন্নজনেও বেবী মৰাণৰ দুৰ্ভাগ্যজনক অৱস্থাৰ খবৰ পোৱাৰ লগে লগে সহায় কৰিবলৈ আগ বাঢ়ি আহিছিল। বেবী মৰাণে পুনৰ জীৱন লাভ কৰাৰ নেপথ্যত থকা এই ব্যক্তিসকলৰ ভূমিকা শলাগিব লগীয়া। নেত্ৰীগৰাকী আকৌ সুস্থ জীৱনৰ মাজলৈ অহাটোত গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্ন পক্ষই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd