ৰাছিয়াৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ’ল ইউৰোপীয় সংসদ, ‘সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ’ ঘোষণা

armenia-azerbaijan-war

ৰাছিয়াৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ’ল ইউৰোপীয় সংসদ। ৰাছিয়াক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ আখ্যা দি ইউৰোপীয় সংসদে কয় “ইউক্ৰেইনৰ অসামৰিক লোকৰ বিৰুদ্ধে ৰাছিয়ান ফেডাৰেশ্যনে ইচ্ছাকৃতভাৱে কৰা আক্ৰমণ আৰু অত্যাচাৰ, অসামৰিক আন্তঃগাঁথনি ধ্বংস , মানৱ অধিকাৰ উলংঘন আদি গুৰুতৰ উলংঘন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমান” ।

ইউৰোপীয় ইউনিয়নৰ আইনসভাই ৪৯৪-৫৮ টা ভোটত ৰাছিয়াৰ বিৰুদ্ধে এনে প্ৰস্তাৱ গ্ৰহণ কৰে।
ইপিনে বুধবাৰে নিশা ৰাছিয়াই চলোৱা ৰকেট আক্ৰমণৰ ফলত দক্ষিণ ইউক্ৰেইনৰ এখন চিকিৎসালয়ৰ প্ৰসূতি ৱাৰ্ড এটা ধ্বংস হয়। ফলত নৱজাতক এটিৰ মৃত্যু হয় ।

বুধবাৰে কিয়েভতো একাধিক বিস্ফোৰণৰ শব্দ শুনা যায়।ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইন বাহিনীৰ প্ৰতিৰোধৰ সন্মুখীন হৈ গুৰুত্বপূৰ্ণ চহৰ খেৰছনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিছিল।

বৃহস্পতিবাৰে ৰাছিয়াই সমগ্ৰ ইউক্ৰেইনত আন এটা মিছাইল আক্ৰমণ আৰম্ভ কৰে। ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ নিপ্ৰো চহৰত এটা মিছাইল আৰু গেছ উৎপাদন প্ৰকল্পত আক্ৰমণ কৰিছিল। আক্ৰমণটোত কমেও চাৰিজন লোক নিহত হৈছিল।

ৰাছিয়াই কেইবা সপ্তাহ ধৰি ইউক্ৰেইনৰ শক্তি আৰু ইন্ধন কোম্পানীসমূহক লক্ষ্য কৰি মিছাইল আক্ৰমণ চলাই আহিছে। মঙলবাৰে ৰাজধানী কিয়েভকে ধৰি কেইবাটাও ঠাইত কেইবাটাও আক্ৰমণ সংঘটিত হয়। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মতে, জাপোৰিজজিয়া অঞ্চলত হোৱা আক্ৰমণত চাৰিজন লোক নিহত হৈছে। নিপ্ৰো চহৰৰ মিছাইল নিৰ্মাণ কাৰখানাটো ক্ষতিগ্ৰস্ত হৈছে।