• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দশম-দ্বাদশ শ্ৰেণীৰ মূল্যায়ন পদ্ধতি আৰু কেলেংকাৰী

কৌশিক তালুকদাৰ by কৌশিক তালুকদাৰ
July 23, 2021 6:50 pm
students3-1593599671

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিধানসভা নিৰ্বাচনৰ বাবেই ফেব্ৰুৱাৰী মাহত হ’বলগীয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তাৰিখ পিছুৱাই দিয়া হৈছিল । পৰৱৰ্তী কালছোৱাত ক’ভিড বিধিক ডাষ্টবিনত পেলাই দি কৰা নিৰ্বাচনী সভাবোৰে ক’ভিড ‘চুপাৰ স্প্ৰেদাৰ’ হিচাপে কাম কৰাৰ পিছত অসমৰ চৌদিশে ক’ৰ’নাই পুনৰ আতংকৰ সৃষ্টি কৰিলে ।

সেয়ে উক্ত পৰীক্ষা দুটা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল । সমান্তৰালকৈ এদল শিক্ষাৰ্থী-অভিভাৱক-মিডিয়াৰ উদ্যোগত পৰীক্ষা বাতিলৰ দৰে হঠকাৰী সিদ্ধান্তৰ সপক্ষেও জোৰদাৰ কেম্পেইন চলিল । চূড়ান্ত পৰীক্ষা সংক্ৰান্তত ধাৰাবাহিকভাৱে কেতবোৰ স্ববিৰোধী মন্তব্যৰে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে অসমৰ শিক্ষাৰ্থী, অভিভাৱক সমাজক দুশ্চিন্তাত পেলাই চৰম অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে ।

অৱশেষত যেনিবা পৰীক্ষা বাতিল কৰি বিশেষজ্ঞ কমিটিয়ে প্ৰস্তাৱিত কৰা এক নিৰ্দিষ্ট মূল্যায়ন পদ্ধতিৰে নপতা পৰীক্ষাৰ ফলাফল দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিলে । এই সিদ্ধান্ত মোটামুটিভাৱে সকলোৱে আদৰিও ল’লে । কিন্তু অসম চৰকাৰৰ বিতৰ্কিত এটা ঘোষণাই আকৌ এবাৰ শিক্ষাৰ্থীসকলক উদ্বিগ্ন কৰি তুলিলে ।

শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে যে প্ৰস্তাৱিত মূল্যায়ন পদ্ধতিৰ ভিত্তিত পোৱা মাৰ্কছীটখন অসম চৰকাৰৰ বিশেষ কিছুমান চাকৰিৰ ক্ষেত্ৰত গ্রহণযোগ্য নহ’ব । (এই ঘোষণাৰ অৱশ্যে যুক্তি নথকাও নহয় ।) কিন্তু সেইবুলি অসম চৰকাৰৰ চাকৰি কৰিব খোজা ছাত্ৰ-ছাত্ৰীয়ে পুনৰ বেলেগে পৰীক্ষাত বহিব লাগিব বোলা কথাষাৰ গণ্ডগোলীয়া । পৰীক্ষাৰ নামত ক’ভিড কালৰ শিক্ষাৰ্থীসকলক বাৰে বাৰে এনেদৰে চাপ আৰু অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়াটো উচিত নহয় ।

তাতে পৰীক্ষা সময়মতে পাতিব নোৱাৰাৰ বাবে শিক্ষাৰ্থীসকল বা ক’ৰ’না জগৰীয়া নহয়, বিজেপি নেতৃত্বাধীন চৰকাৰখনহে জগৰীয়া । নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে ছাত্ৰ-ছাত্ৰীক বলিৰ পঠা সজোৱা চৰকাৰে সেয়ে এতিয়া গা এৰা দিলে নহ’ব, দৰকাৰ হ’লে চৰকাৰে পেনাল্টিও ভৰিব লাগিব ।

সি যি কি নহওক, অসমৰ সচেতন মহলৰ সমালোচনা-প্ৰতিবাদৰ জোৰত চৰকাৰে নিজৰ বিতৰ্কিত সিদ্ধান্তটো সলনি কৰিলে ৷ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যায়ন পদ্ধতিৰে দশম আৰু দ্বাদশ চূড়াত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে ‘ছেবা’ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পূৰ্ণগতিত কাম আৰম্ভ কৰিলে ৷ লগে লগে আৰম্ভ হ’ল দুৰ্নীতিও ৷ কামৰূপ (মুখ্যমন্ত্ৰীৰ গৃহ জিলা)ৰ বিদ্যালয় পৰিদৰ্শক প্ৰমুখ্যে কেইবাজনো শিক্ষাবিভাগৰ কৰ্মচাৰীয়ে ধন লৈ শিক্ষাৰ্থীৰ নম্বৰ বৃদ্ধি কৰি দিয়াৰ দৰে ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে ৷ বৰপেটা, কাছাৰ আদি ঠাইতো বিভিন্ন অনিয়ম সচেতন মহলৰ চকুত পৰিছে ৷ একাংশ শিক্ষক, শিক্ষা বিষয়া, শিক্ষাৰ্থী, অভিভাৱক দুৰ্নীতিত লিপ্ত হৈ পৰিছে ৷

কোৱা বাহুল্য যে অসমীয়া সমাজখনৰ সামগ্ৰিকভাৱে নৈতিক স্খলন ঘটিছে ৷ এনে সমাজত দুৰ্নীতি-অনিয়ম নোহোৱাটোহে আচৰিত কথা হ’ব ৷ বিভিন্ন সময়ত গুৰুতৰ কেলেংকাৰী-দুৰ্নীতিৰ অভিযোগ থকা ব্যক্তিৰে গঠিত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নিজকে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি প্ৰচাৰ কৰি আহিছে ৷ পিছে শেহতীয়া নম্বৰ কেলেংকাৰীত অভিযুক্ত কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে চৰকাৰখন কঠোৰ হোৱাৰ পৰিৱৰ্তে তেওঁক পুৰস্কৃতহে কৰা হৈছে ৷ শাসকীয় দলৰ প্ৰভাৱশালী নেতাৰ আত্মীয় হোৱাৰ সুবাদতে অভিযুক্ত পৰিদৰ্শকজনাক চৰকাৰে ততাতৈয়াকৈ পদোন্নতিৰ ব্যৱস্থা কৰি দিলে ৷ চৰকাৰৰ এনে কাৰ্যই কি বাৰ্তা দিলে ?

অসমৰ বহুতো অভিজ্ঞ নাগৰিক, শিক্ষাবিদে সন্দেহ কৰিছে যে উৎকোচ লৈ নম্বৰ বঢ়াই দিয়াৰ দৰে জঘন্য কেলেংকাৰি কেৱল মেট্ৰিকৰ মূল্যায়নতে নহয়, দ্বাদশ চূড়ান্ত পৰীক্ষাৰ মূল্যায়নতো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ গতিকে চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমূহে প্ৰেৰণ কৰা মূল্যায়ন অতি কঠোৰভাৱে পুনৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে, কেলেংকাৰিত জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে ৷ শিক্ষা বিভাগে সঠিক ব্যৱস্থা হাতত নল’লে অসমৰ সচেতন মহলে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে ৷

উল্লেখ্য যে কেলেংকাৰি পোহৰলৈ অহাৰ পিছত ছেবাই মেট্ৰিকৰ মূল্যায়ন প্ৰক্ৰিয়াটো সম্প্ৰতি স্থগিত ৰাখিছে বুলি বাতৰি কাকতত পঢ়িবলৈ পাইছো ৷ একাংশ চিন্তাশীল নাগৰিকে বিকল্প মূল্যায়ন পদ্ধতিৰ পোষকতা কৰিছে, কোনো কোনোৱে সংকুচিত পাঠ্যক্ৰমৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথাও কৈছে ৷ কিন্তু এতিয়া নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিবলৈ বহুত পলম হৈ গৈছে ৷ চৰকাৰে যিহেতু বিশেষজ্ঞ কমিটিৰ পৰামৰ্শমৰ্মে পৰীক্ষা বাতিল কৰি নিৰ্দিষ্ট এটা মূল্যায়ন ব্যৱস্থা ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে, এতিয়া বিকল্প প্ৰক্ৰিয়া এটা গ্ৰহণ কৰাটো সহজ কথা নহ’ব ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩১জুলাইৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব লাগিব ৷ সেয়ে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ’ল ঘোষিত মূল্যায়নৰ কঠোৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰা আৰু সমান্তৰালকৈ নম্বৰ কেলেংকাৰিৰ নিৰপেক্ষ তদন্ত কৰি দোষীক কৰায়ত্ত কৰা ৷

এইখিনিতে এটা কথা উল্লেখ্য যে পৰীক্ষা অনুষ্ঠিত কৰি মেধা জোখা ব্যৱস্থাৰ তুলনাত পৰীক্ষা নপতাকৈ প্ৰস্তাৱিত মূল্যায়ন পদ্ধতিৰে পোৱা মাৰ্কছীটত মেধাৰ সঠিক প্ৰতিফলন নহ’ব । তদুপৰি এই মূল্যায়ন পদ্ধতিয়ে অন্ততঃ বিগত (তথা আহিবলগীয়া) তিনিবছৰমানৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ প্ৰতি অবিচাৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে । চৰকাৰে সেয়ে পুনৰ ‘বেটাৰমেণ্ট’জাতীয় পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি এনে এক পদ্ধতিৰ সন্ধান কৰা উচিত যিয়ে ২০২১ বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীৰ লগতে এই পৰীক্ষা দুটাত যোৱা তিনি বছৰমানত উত্তীৰ্ণ হৈ যোৱা শিক্ষাৰ্থীসকলৰো ন্যায় সুনিশ্চিত কৰে । আমি এটা প্ৰস্তাৱ দিব খুজিছোঁ: চৰকাৰে ইতিমধ্যে নিৰ্ধাৰণ কৰি দিয়া মূল্যায়ন পদ্ধতিৰে শিক্ষাৰ্থীসকলৰ বাবে নম্বৰবোৰ যুগুত কৰাৰ পিছত প্ৰধানকৈ পৰিসংখ্যাবিদেৰে গঠিত আন এটা বিশেষজ্ঞ কমিটি গঠন কৰা উচিত হ’ব ।

এই বিশেষজ্ঞ কমিটিয়ে যোৱা তিনিবছৰ মানৰ মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰৰ ধাৰাটো অধ্যয়ন কৰি এইবাৰৰ মাৰ্কছীটখনৰ বাবে এটা weightage সূত্ৰ নিৰ্ণয় কৰিব লাগিব আৰু এই সূত্ৰটো ছেবা আৰু শিক্ষা সংসদে দিয়া চূড়ান্ত মাৰ্কছীটখনত ছপা কৰি দিয়াটো উচিত হ’ব । পিছত যেতিয়া কোভিড কালৰ কোনো শিক্ষাৰ্থীয়ে বিশেষ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব তেতিয়া নিৰ্দিষ্ট weightage সূত্ৰটো ব্যৱহাৰ কৰি তেওঁৰ মেট্ৰিক নতুবা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰ হিচাপ কৰি উলিয়াব পাৰিব ।

এই পদ্ধতিটো সম্পূৰ্ণ নিৰ্ভুল নহ’লেও সৰহভাগ শিক্ষাৰ্থীৰ প্ৰতি অবিচাৰ হোৱাৰ পৰা ই ৰক্ষা কৰিব বুলি আমি ভাবোঁ । পৰিশেষত, এইবাৰৰ বেমেজালি আৰু অনিশ্চয়তাৰ পৰা অসমৰ শিক্ষাখণ্ডটোৱে শিকনি লাভ কৰাটো অত্যন্ত জৰুৰী ৷ ভৱিষ্যতে যাতে শৈক্ষিক বিষয়বোৰ সদায় চৰকাৰ আৰু জনগণৰ প্ৰথম প্ৰাথমিকতা হৈ পৰে তাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব ৷ কোনো ৰাজনৈতিক সিদ্ধান্ত বা চাৰ্কাছৰ স্বাৰ্থত কোনো চৰকাৰে কোনোপধ্যেই যাতে অসমৰ শিক্ষা ব্যৱস্থাটোক বলিৰ পঠা সজাব নোৱাৰে তাৰ আমি দাবী কৰিব লাগিব ৷ অসমৰ বিধানসভা নিৰ্বাচন কেইমাহমান পিছুৱাই গ’লেও কোনো মহাভাৰত অশুদ্ধ নহ’লহেঁতেন, অসম-ভাৰত বিশ্বগুৰু হোৱাৰ পৰা বঞ্চিত নহ’লহেঁতেন ৷ কিন্তু ৰাজনৈতিক কাৰণত চূড়ান্ত পৰীক্ষা বাতিল কৰি চৰকাৰ তথা জনগণে অসমৰ শিক্ষাক্ষেত্ৰখনৰ কিমান বৃহৎ ক্ষতি কৰিলে তাৰ অনুমান বোধহয় এতিয়াও বহুতে কৰিবই পৰা নাই ৷

লেখকৰ ইমেইল: [email protected]

কৌশিক তালুকদাৰ

কৌশিক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd