NORTHEAST NOW (Assamese)

“আনকি সিহঁতৰ বাপেকেও মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰে!” : ৰামদেৱৰ শেহতীয়া ভাষ্য, চাওক!

May 27, 2021 5:05 pm · এন ই নাও নিউজ

কৰোণা মাহমাৰীৰ সময়ত এলোপেথি ঔষধক লৈ বিতৰ্কিত মন্তব্যৰ বাবে ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱাৰ পাছতে পুনৰ এক মন্তব্যৰে চৰ্চালৈ আহিছে বাবা ৰামদেৱ।

বৃহস্পতিবাৰে সামাজিক মাধ্যমত এই মন্তব্যটোৰ ভিডিঅ’ দেখা পোৱা গৈছে।

ভিডিঅ’টোত দেখা পোৱামতে, ৰামদেৱে কৈছে- ”আনকি সিহঁতৰ বাপেকেও স্বামী ৰামদেৱক গ্ৰেপ্তাৰ কৰিব নোৱাৰে।”

”তেওঁলোকে কেৱল চিঞৰি আছে। তেওঁলোকে ঠগ ৰামদেৱ, মহাঠগ ৰামদেৱ, গ্ৰেপ্তাৰ ৰামদেৱৰ দৰে ট্ৰেণ্ড সামাজিক মাধ্যমত বিয়পাইছে, কিন্তু এইবোৰ কৰি থাকক, এইবোৰত মই অভ্যস্ত।”- ৰামদেৱে এইদৰে কোৱা দেখা গৈছে।

উল্লেখযোগ্য যে বুধবাৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েনৰ উত্তৰাখণ্ড শাখাই বাবা ৰামদেৱৰ বিৰুদ্ধে এহেজাৰ কোটি টকাৰ মানহানি গোচৰ কৰাৰ পাছতে এছ’চিয়েনৰ সৰ্বভাৰতীয় কমিটিখনে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰখনত কোৱা হৈছিল যে ৰামদেৱৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব লাগে।

তদুুৰি ক’ভিড ভেকচিন সম্পৰ্কত ভুৱা তথ্য প্ৰদান কৰাতো ৰামদেৱক বাধা প্ৰদান কৰিব লাগে।

Related News