NORTHEAST NOW (Assamese)

বিতৰ্কিত আৰ টি আই কর্মী দুলাল বৰাৰ বিলাসী অট্টালিকাত প্ৰশাসনৰ হাতোৰা; সম্পূৰ্ণকৈ ভাঙিব আৱাসটো

March 17, 2020 5:02 pm · দ্বীপজ্যোতি শর্মা
Updated: March 17, 2020 5:16 pm
বিতৰ্কিত দুলাল বৰাৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ

বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰা বিলাসী অট্টালিকাত প্ৰশাসনৰ হাতোৰা।

কইনাধৰাস্থিত তিনি মহলীয়া বৰাৰ বাসগৃহত মংগলবাৰে গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষী-অৰ্ধ সামৰিক বৃহৎ বাহিনীৰ উপস্থিত চলোৱা হয় উচ্ছেদ।

বৰাৰ ১১৮নং বাসগৃহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰশাসনে চলায় উচ্ছেদ।

প্ৰশাসনৰ উচ্চ পদস্ত বিষয়া উপস্থিতত চলোৱা অভিযানত বৰাৰ তিনি মহলীয়া ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হব বুলি জনায়৷

ঘৰৰ তলত থকা বহু কেইখন দোকান জেচিবিৰ সহায়ত আজি ভাঙি পেলোৱা হয়। উচ্ছেদ চলোৱা ঘৰটো সন্মুখত আঁৰি দিয়া হয় মহামান্য ন্যায়ালয়ৰ জাননী।

উচ্ছেদ অভিযানত উপস্থিত থাকে যুটীয়া আয়ুক্ত সিদ্ধাৰ্থ  গোস্বামী।

আজি বাস গৃহটো আধা অংশ ভাঙি পেলোৱা হয়।পৰৱৰ্তী সমূত সম্পূৰ্ণ ঘৰটো ভাঙি পেলোৱা হব বুলি জানিবলৈ দিয়ে উপস্থিত থকা বিষয়াই।

উল্লেখ যে ৫৪৯/২০ নম্বৰ গোচৰৰ ভিত্তিত নিয়ম বহিৰ্ভূতভাৱে গৃহ নিৰ্মাণ কৰা অভিযোগত ভঙা হৈছে গৃহটো।

গুৰুত্বপূৰ্ণ কথা এই যে ব্লেকমেইলৰ গোচৰত আৰ টি আই কর্মী বৰাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

তাৰ পৰৱৰ্তী সময়ত বৰাক ইডি আৰু  চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।বৰ্তমান বৰা কাৰাৰুদ্ধ হৈ আছে।

Related News