অতি শীঘ্ৰে কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত চলিব উচ্ছেদ অভিযান
প্ৰতিনিধিত্বমূলক চিত্ৰ
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত চৰকাৰী মাটি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে অতি শীঘ্ৰে উচ্ছেদ অভিযান চলাব।
সোমবাৰে কাৰ্বি আংলঙৰ ভূমি সংৰক্ষণ বিভাগৰ গেষ্ট হাউচত হোৱা এখন বৈঠকতে এই সিদ্ধান্ত লোৱা হয়।
বৈঠকখনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু লোকসভাৰ সাংসদ হৰেন সিং বে ও উপস্থিত থাকে।
‘আমি পৰিষদৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত লৈছো। কিন্তু আমি ইয়াৰ পূৰ্বে সঠিকভাৱে জৰীপ চলাব লাগিব’, এনেদৰে কয় তুলিৰাম ৰংহাঙে।
উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকে চৰকাৰী ভূমি দখল কৰি আছে বুলি অভিযোগ উত্থাপন হৈ অহাৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা যায়।