তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন ঠাইৰ পৰা আহিছে ইভিএমৰ বিসংগতিৰ খবৰ

a-evm-750x375

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন ঠাইৰ পৰা ইভিএমৰ ব্যাপক বিসংগতিৰ খবৰ পোৱা গৈছে।

ফলত বহু কেইটা ভোটকেন্দ্ৰত ভোটগ্ৰহণত বিলম্ব ঘটিছে। কলগাছিয়াৰ ৫৯ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ খবৰ আহিছে ।

একেদৰে যোগীঘোপাৰ ৩৫ নং ভোটগ্ৰহণ কেন্দ্ৰ,দিছপুৰৰ ১২৯, ১৩০ ভোট গ্ৰহণ কেন্দ্ৰ,২১ নং মেনকা চাহবাগিচাৰ ভোটগ্ৰহণ কেন্দ্ৰ,কোকৰাঝাৰ হল্টুগাঁৱৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকলহৈ পৰাৰ ফলত ভোটাৰে বহু সময় ধৰি ভোটদানৰ বাবে অপেক্ষা কৰিবলগীয়া হয়।

ইপিনে ধমধমাৰ ১২৩ নং নিম্ন বুনিয়াদী বিদ্যালয়ৰ তিনিটা কেন্দ্ৰৰ  দুটা ইভিএম বিকল হৈ পৰা বুলি খবৰ আহিছে।

খবৰ অনুসৰি ৮৩ নং আৰু ৮৫ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হৈ পৰিছে।  ফলত ভোটদানত বিলম্ব ঘটিছে।

উল্লেখ্য ৰাজ্যৰ ৪০ টা সমষ্টিত আজি পুৱাৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

তৃতীয় পৰ্যায়ত ৰাজ্যখনৰ ১২ খন জিলাৰ ৪০ টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ৭৯,১৯,৬৪১ গৰাকী বৈধ ভোটাৰে নিৰ্ণয় কৰিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

ইয়াৰ ভিতৰ আছে ৪০,১১,৫৩৯ গৰাকী পুৰুষ, ৩৯,০৭,৯৬৩ গৰাকী মহিলা আৰু ১৩৯ল গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

তৃতীয় পৰ্যায় ভোটগ্ৰহণত ২,৬০০ চাৰ্ভিছ ভোটাৰে ভোটদান কৰিছে।

আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪০ টা সমষ্টিৰ ৩৩৭ গৰাকী প্ৰাৰ্থী মাজত মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে মাত্ৰ ২৫ গৰাকী।

দিছপুৰ সমষ্টি হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আটাইতকৈ বৃহৎ সমষ্টি। সমষ্টিটোত ৬০৭ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব ৪,১১,৬৩৬ ভোটাৰে। স্মৰ্তব্য যে এই দিছপুৰ বিধানসভা সমষ্টিটোৱেই হৈছে ৰাজ্যখনৰ সৰ্ববৃহৎ বিধানসভা সমষ্টি।

ইফালে এই পৰ্যায়ৰ ক্ষুদ্ৰতম সমষ্টিটো হৈছে চাপাগুৰি। বাক্সা জিলাৰ এই সমষ্টিটোৰ ভোটাৰৰ সংখ্যা ১,৫৯,২৫৭ আৰু ভোটগ্ৰহণ কেন্দ্ৰ আছে ২৩৬ টা।

অন্তিম পৰ্যায়ৰ ৪০ টা সমষ্টিৰ ভিতৰত ৬ টা সমষ্টি অনুসূচীত জনজাতি আৰু দুটা সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষিত। ইয়াৰে অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ৩ টা সমষ্টি হৈছে বিটিআৰৰ।