দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন: বিভিন্ন ঠাইত ইভিএমৰ ব্যাপক বিসংগতি, ভোটগ্ৰহণত বিলম্ব

a evm

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন ঠাইৰ পৰা ইভিএমৰ ব্যাপক বিসংগতিৰ খবৰ পোৱা গৈছে।

ফলত বহু কেইটা ভোটকেন্দ্ৰত ভোটগ্ৰহণত বিলম্ব ঘটিছে। প্ৰাপ্ত খবৰ অনুসৰি ইভিএমৰ বিসংগতিৰ বাবেই ১৪৬ নং নিত্যময়ী বালিকা বিদ্যালয়ত ভোটদান বন্ধ হৈ পৰে।

একেদৰে ইভিএম বিকল হৈ পৰাৰ ফলত ২৬ নং নগাঁও আইন মহাবিদ্যালয়ত ভোটগ্ৰহণত পলম হয়।

ওদালগুৰিতো ইভিএমৰ বিসংগতিয়ে দেখা দিছে।গুমগাঁও প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত ইভিএমৰ বিসংগতি ধৰা পৰিছে।

এতিয়ালৈকে ১৩০ টা ভোটকেন্দ্ৰত ইভিএম সলনি কৰিবলগীয়া হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য ৰাজ্যৰ ৩৯ টা সমষ্টিত আজি পুৱাৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।আজি দিনৰ ২ বজালৈ হোৱা ভোটদানৰ শতাংশ হাৰ হৈছে ৮৪.২৬ ।

এই সময়ছোৱাত লাহৰীঘাটত সৰ্বাধিক ৬০.৩০ শতাংশ আৰু বৈঠালংচ’ত সৰ্বনিম্ন ৩৫.৪0  শতাংশ ভোটদান হৈছে।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও বিভিন্ন স্থানত ইভিএমৰ বিসংগতিৰ খবৰ আহিছে।

ইফালে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰথম তিনি ঘণ্টাত ভোটদানৰ হাৰ আছিল ১৭.৮১ শতাংশ।

অৰ্থাৎ ১০ বজালৈকে ভোটদানৰ হাৰ ১৭.৮১ শতাংশলৈ বৃদ্ধি পাইছে।

প্ৰথম দুঘণ্টাত অৰ্থাৎ ৯ বজালৈ ভোটদানৰ হাৰ আছিল ১০.৫১ শতাংশ।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ২৯ টা সমষ্টিৰ ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী কৰিব।