ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ইভিএমৰ বিসংগতি : ভোটদানত বিলম্ব; ক’ত ক’ত?

https://assam.nenow.in/wp-content/uploads/2021/03/evm.jpg

আজি অনুষ্ঠিত হৈছে ৰাজ্যৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

পুৱাৰে পৰা ৰাজ্যৰ ৩৯ টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও ইভিএমৰ বিংসগতিৰ খবৰ আহিছে।

বিটিচিৰ অন্তৰ্গত ওদালগুৰি, শিলচৰ আৰু নগাঁৱৰ পৰা ইভিএম বিসংগতিৰ বাতৰি আহিছে।

ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুমগাঁও প্ৰাথমিক বিদ্যালয়ৰ(সোফাল) ১৩৯ নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতি হৈছে। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰটোৰ ইভিএম ছেট সলনি কৰা হৈছে।

ইফালে শিলচৰৰ নিৰ্তামোয়ে বালিকা বিদ্যালয়ৰ ১৪৬ নং ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএমৰো বিসংগতি হৈছে। ফলত নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পিছতো ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটদান কৰিব পৰা হোৱা নাই।

নগাঁৱতো হৈছে ইভিএমৰ বিসংগতি। নগাঁৱৰ আইন মহাবিদ্যালয়ৰ ২৬ নং ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএমৰো বিসংগতি ধৰা পৰিছে। ফলত ভোটকেন্দ্ৰটোত ভোটদানৰ ক্ষেত্ৰত বিলম্ব হয়।

অনহাতে যমুনামুখ সমষ্টিৰ চাৰিং পথাৰ গাঁৱৰ ২২২নং ভোটকেন্দ্ৰত ইভিএমো বিকল বুলি খবৰ আহিছে৷ এতিয়ালৈকে আৰম্ভ হোৱা নাই ভোটগ্ৰহণ৷