অসমত ভুল চিকিৎসাই বিকৃতি ঘটোৱা নাক ১০ লাখ টকা খৰচেৰে চেন্নাইত ঠিক কৰিলে যুৱকে

Shyam Sundar Gupta

শ্যাম সুন্দৰ গুপ্তা। ফটো : জি প্লাছ

নাকত হোৱা সামান্য এটা ফোঁহাৰ চিকিৎসা কৰাবলৈ গৈ গোটেই নাকটোৰ বিকৃতি ঘটাৰ দৰে বিড়ম্বনাৰ সন্মুখীন হয় এজন যুৱক। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভুল চিকিৎসাৰ বলি হোৱা বুলি অভিযোগ তোলা যুৱকজনে পিছত চেন্নাইত কেইবাটাও প্লাষ্টিক ছাৰ্জেৰি কৰাব লগীয়া হয়।

শ্যাম সুন্দৰ গুপ্তা নামৰ ভুক্তভোগী যুৱকজনে অলপতে এখন সংবাদমেল দিয়াত এই গোটেই কাহিনীটো পোহৰলৈ আহে। তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

শ্যাম সুন্দৰ গুপ্তাই জনোৱামতে, ২০১৫ চনৰ মাৰ্চ মাহত নাকত হোৱা সংক্ৰমণৰ চিকিৎসাৰ বাবে তেওঁ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ প্লাষ্টিক চাৰ্জন ডাঃ পাৰ্থপ্ৰতিম দত্তৰ কাষ চাপে। “চিকিৎসাৰ বাবে তেওঁ মোৰ নাকতেই বেজী দিয়ে”, গুপ্তাই কয়।

তাৰ পাছতে তেওঁৰ নাকৰ অৱস্থা আগতকৈ বেছি বেয়াৰ ফালে গতি কৰে আৰু ইয়াৰ পৰিণতিত নাকটো দিনে দিনে ক’লা হৈ গৈ থাকে। নিজৰ দুৰ্ভোগৰ দিনবোৰ সুঁৱৰি কয় শ্যাম সুন্দৰ গুপ্তাই।

“চিকিৎসা গ্ৰহণৰ কেইদিনমান পাছৰ পৰাই মোৰ নাকটো ক’লা পৰি যোৱাৰ লগতে নাকৰ ওপৰৰ অংশৰ ছালবোৰ এৰিবলৈ ধৰিলে আৰু সেই অংশসমূহৰ পৰা পূঁজ জাতীয় বস্তু ওলাবলৈ ধৰিলে”, শ্যাম সুন্দৰে কয়।

তাৰ পিছত সমাধান বিচাৰি তেওঁ কেইবাজনো চিকিৎসকৰ কাষ চাপিল। যদিও কোনো সুফল নোপোৱাত অৱশেষত তেওঁ চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱাৰ সিদ্ধান্ত লোৱা বুলি জনায়।

অসমৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে তেওঁ চেন্নাইত চিকিৎসাৰ নামত ১০ লাখ টকাৰো অধিক ব্যয় কৰিব লগীয়া হয় বুলি আক্ষেপ কৰে।

তেওঁ লগতে কয়, “ইয়াৰ বাবে মই শাৰিৰীক আৰু মানসিকভাৱে বহু আঘাত পাইছো। ইয়াৰ উপৰি চিকিৎসাৰ বাবে মই মোৰ গুৰুত্বপূৰ্ণ একাডেমিকৰ এটা বছৰ হেৰুৱাইছো”।

তেওঁ লগতে এই সংক্ৰান্তত চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মেডিকেল কাউন্সিল অব ইণ্ডিয়াক (MCI)  চিঠিযোগে অনুৰোধ জনোৱাৰো কথা উল্লেখ কৰে। কিন্তু এই সমগ্ৰ ঘটনাটো তদন্তৰ বাবে এম চি আয়ে অসম মেডিকেল কাউন্সিলক দায়িত্ব দিয়ে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ইয়াৰ উপৰি Assam State Consumer Disputes Redressal Commissionতো ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল আৰু ঘটনাটো বৰ্তমান বিচাৰাধীন হৈ আছে বুলি জনালে ভুক্তভোগী শ্যামসুন্দৰে।